কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে দুৰ্যোগৰ সৃষ্টি কৰি থকাৰ সময়ত সকলো লোকেই এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা দেখা পোৱা গৈছে। বৰ্তমান অৱস্থা আগতকৈ বহু শিথিল হৈছে যদিও জনসাধাৰণৰ মাজত এতিয়াও মহামাৰীৰ ভয় আঁতৰি যোৱা নাই। ফলত প্ৰায়ভাগ মানুহ ফুৰা-চকা, বজাৰ-সমাৰ, বিয়া, উৎসৱ-পাৰ্বন আদিতো যথেষ্ট সাৱধান হোৱা পৰিলক্ষিত হৈছে।
বিগত বৰ্ষত বেছিভাগ মানুহ ঘৰৰ ভিতৰত সোমাই থকাৰ পাচত , এতিয়াহে লাহে লাহে বহুতো লোকে ঘৰৰ বাহিৰলৈ ওলাবলৈ আৰম্ভ কৰিছে।কিন্তু পৰিস্থিতিৰ বাবে ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বেছিভাগ লোকেই নিজৰ গাড়ীত যোৱাটো বেছি পচন্দ কৰে।কিন্তু বহুতো লোকৰ বাবে এখন নতুন গাড়ী কিনা সম্ভৱ নহয়।
এনে ক্ষেত্ৰত গাড়ী কিনিব বিচাৰিলে দিল্লীত এনে বহুত ঠাই আছে য’ৰ পৰা কোনো লোকে সুলভ মূল্যত তথা ভাল অৱস্থাত ছেকেন্দ পাৰ্টি (second hand) গাড়ী ক্ৰয় কৰিব পাৰে।
দিল্লীৰ কাৰ’ল বাগ (Karol Bagh) নামৰ ঠাইত থকা এখন বজাৰত কোনো লোকে ছেকেন্দ পাৰ্টিৰ মাৰুটি ৱেগনাৰ গাড়ী ৫০ হাজাৰৰপৰা ৬০ হাজাৰ টকাত কিনিব পাৰে।উল্লেখ্য যে এই গাড়ীবোৰ ১০ বছৰ পুৰণিও হ’ব পাৰে। গাড়ীৰ শ্বৰূম এটাত এখন নতুন ৱেগনাৰ গাড়ীৰ দাম ৪.৪৫ লাখ টকাত আৰম্ভ হোৱাৰ পৰা শ্বৰূমৰ বাহিৰৰ কোনোবা দোকানৰ পৰা ল’লে তাৰ দাম হয়গৈ ৫.৫০ লাখ টকা।এনে ক্ষেত্ৰত কোনোবাই গাড়ী ক্ৰয় কৰিব বিচাৰিলে কম দামত কাৰ’ল বাগত ক্ৰয় কৰিব পাৰিব।
কোনো লোকে দিল্লীত এখন ছেকেন্দ হেণ্ড গাড়ী কিনিব বিচাৰিলে, তাত গাড়ীৰ ফাইনেন্সৰো সুবিধা পোৱা যাব। তাৰ বাবে গাড়ীৰ বিক্ৰেতাৰ লগত কথা পাতি প্ৰয়োজনীয় নথি-পত্ৰ জমা দিব লাগিব। আনহাতে এখন ছেকেন্দ হেণ্ড গাড়ী কিনিবলৈ যাঁওতে সদায় ভালদৰে পৰীক্ষা –নিৰীক্ষা কৰি , ভালদৰে দৰ-দাম কৰাৰ পাচতহে ক্ৰয় কৰা উচিত।