আপোনাৰ দিনত দুকাপ চাহ খোৱাৰ অভ্যাস আছে নেকি ? তেনেহ’লে আপুনি লাভ কৰিব দীর্ঘ জীৱন ৷ যিসকলৰ দিনত দুকাপ চাহ খোৱাৰ অভ্যাস নাই তেওঁলোকৰ তুলনাত দুকাপকৈ দিনত চাহ খোৱা লোকসকল দীর্ঘজীৱি হয় ৷ এই কথা প্ৰকাশ পাইছে এক নতুন সমীক্ষাত ৷ এনালছ অৱ ইণ্টাৰনেল মেডিচিনত প্ৰকাশিত এই অধ্যয়নত প্ৰকাশ কৰা অনুসৰি চাহ নোখোৱা লোকৰ তুলনাত যিসকল লোকে প্ৰতিদিনে দুকাপ বা তাতকৈ অধিক চাহ খাই তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা ৯ৰ পৰা ১৩ শতাংশ কম।
আমেৰিকাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউট (NCI)ৰ মাকি ইনোৱে-চোইকে ধৰি গৱেষকসকলৰ মতে, এই তথ্যৰ পৰা অনুমান কৰিব পাৰি যে চাহ অধিক মাত্ৰাত গ্ৰহণ কৰিলেও, স্বাস্থ্যসন্মত খাদ্যৰ অংশ হ’ব পাৰে। চাহ হৈছে বিশ্বজুৰি আটাইতকৈ বেছি খোৱা অন্যতম পানীয় ৷পূৰ্বৰ গৱেষণাই এনে জনসংখ্যাত চাহ সেৱন আৰু কম মৃত্যুৰ আশংকাৰ মাজত এক সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰিছিল ৷ য’ত গ্ৰীণ টীৰ প্ৰচলন বেছি ৷
অধ্যয়নটোৰ বাবে গৱেষক দলটোৱে সাধাৰনতে ৰঙা চাহ সেৱন কৰা ব্ৰিটেইনৰ বায়’বেংকৰ তথ্য ব্যৱহাৰ কৰি চাহ সেৱনৰ সৈতে সকলো কাৰণ আৰু মৃত্যুৰ কাৰণৰ মূল্যায়ন কৰিছিল ৷ তদুপৰি গাখীৰ চাহ সেৱন, চাহৰ উষ্ণতা আদিৰ ফলত প্ৰভাৱ সন্দর্ভতো তেওঁলোকে অধ্যয়ন কৰে ৷
ব্ৰিটেইনৰ বায়’বেংকত ৪০ৰ পৰা ৬৯ বছৰ বয়সৰ ডেৰ লাখ পুৰুষ আৰু মহিলাৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে ৷ যিসকলে ২০০৬ চনৰ পৰা ২০১০ চনৰ ভিতৰত ভিত্তি কৰি সোধা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে ৷ ইয়াৰে ৮৫ শতাংশই নিয়মিতভাৱে চাহ সেৱন কৰি আহিছে ৷ ইয়াৰে ৮৯ শতাংশই ৰঙা চাহ সেৱন কৰি আহিছে ৷