অতীজৰে পৰা ‘Wife’ সকলক লৈ বহু আমোদজনক, ধেমেলীয়া, তৰল জাতীয় মন্তব্য প্ৰচলিত হৈ আহিছে। সময়ে সময়ে নাৰীবাদী সকলে ইয়াৰ বিৰুদ্ধে মাত মাতি আহিছে যদিও সামাজিকভাৱেই হওক বা পুৰুষৰ গ্ৰুপ বিলাকতেই হওক Wife ক লৈ তৰল আলোচনা আৰু কৌতুকৰ অন্ত নাই। গল্প, কবিতা, চিনেমা আদি সকলোতে wife শব্দটোৰ প’ষ্টমৰ্টেম হৈয়ে আছে। যিকি নহওক এইবাৰ আদালতৰ ৰায়দানত ও Wife ক লৈ কৰা লঘূ মন্তব্যই অতি দৃষ্টিকটুভাৱে ঠাই পাইছে।
২৪ আগষ্টত কেৰেলা উচ্চ ন্যায়ালয়ে এখন বিবাহ বিচ্ছেদ সম্পৰ্কীয় আবেদন নাকচ কৰি ৰায়দান দিয়ে। মহামান্য বিচাৰপতিয়ে ৰায়দানত উল্লেখ কৰি কয় যে আজিৰ প্ৰজন্মই বিবাহক বোজা বুলি ভাৱে। বিবাহৰ বান্ধোনত বান্ধ খোৱাতকৈ লিভ্ ইন টুগেদাৰ কৰিবলৈহে ভাল পায়। উল্লেখযোগ্য যে এজন ব্যক্তিয়ে তেওঁক পত্নীয়ে অত্যাচাৰ কৰা বুলি বিবাহ বিচ্ছেদ বিচাৰি আবেদন কৰিছিল। অৱশ্যে আদালতে পত্নীয়ে অত্যাচাৰ কৰাৰ কোনো প্ৰমাণ লাভ নকৰিলে। তাৰ পৰিৱৰ্তে অন্য তিৰোতাৰ সতে বিবাহিত পুৰুষজনৰ অবৈধ সম্পৰ্কৰ কথাহে উন্মোচিত হ’ল। তাকে বৰ্ণনা কৰিবলৈ গৈ আদালতে ৰায়টোত উল্লেখ কৰিলে যে পূৰ্বতে যি “Wife is Wise Investment Forever” বুলি প্ৰচাৰিত প্ৰবাদ আছিল , এতিয়াৰ প্ৰজন্মই “Wife is Worry Invited For Ever” বুলিহে ভাৱিবলৈ লৈছে।
“Wife is Wise Investment For Ever” অথবা “Worry Invited For Ever” যিয়েই নহওক মহামান্য আদালতে ৰায়দান দিওঁতে এনে ‘বক্তব্য’ অন্তৰ্ভূক্ত কৰাটো কিমান সমীচিন?? সাধাৰণ মানুহৰ এনে ভাৱধাৰাক উলাই কৰিব পাৰিলেও একোজন ‘লৰ্ডশ্বিপ’ য়ে যদি এনে লঘূ কথা কয়, নাৰীৰ মৰ্যদা ক’ত থাকিল? তথাকথিত নাৰীবাদী সকল ক’লৈ গ’ল??