গণেশ চতুৰ্থীৰ দিনা সমগ্ৰ দেশতে গণেশ পূজা উদযাপন কৰাৰ সময়তে দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে গণেশ মূৰ্তি নিৰ্মাণ কৰি বহুশিল্পীয়ে দিছে তেওঁলোকৰ সৃষ্টিশীল মনটোৰ পৰিচয় ৷ তেনে এক সৃষ্টিশীলতাৰেই এক সুন্দৰ নিদৰ্শন এজন শিল্পীয়ে গণেশ পূজা উদ্দেশ্যে নিৰ্মাণ কৰা বালিৰে বিশেষ ভাৱে নিৰ্মাণ কৰা গণেশ মূৰ্তিৰ এই ফট’খন ৷
গণেশ চতুৰ্থীৰ দিনা ভাৰতৰ এজন প্ৰখ্যাৎ বলুকা শিল্পী (চেণ্ড আৰ্টিষ্ট)সুদৰ্শন পাটনায়কে ৩,৪২৬টা বালিৰ লাড়ু আৰু ফুলেৰে নিৰ্মাণ কৰিলে এই সুন্দৰগণেশ মূৰ্তি ৷ ‘ষ্ট্ৰীম অৱ আৰ্টছ’ নামৰ এটা শিল্প কলা বিষয়ক সামাজিক মাধ্যমৰ এটি পে’জত এই ছবি আপলোড কৰাৰ পিছতেই বহুল ভাৱে প্ৰচাৰিত হৈছে ছবিখন ৷১০,০০০ত কৈও অধিক লোকে ফটোখন শ্বেয়াৰ কৰাৰ লগতে ৭,৪৯,০০০ জন লোকে ছবিখনত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ এই সৃষ্টিশীলতাত মুগ্ধ হৈছে দেশৰ হাজাৰ জন কলাপ্ৰেমী ৷