ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank of India) চেকৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰিছে কিছু নতুন নিয়ম। এই নিয়ম কাৰ্যকৰী কৰা হৈছে চলিত মাহৰ ১ তাৰিখৰ পৰা।
প্ৰাপ্ত তথ্য মৰ্মে এতিয়াৰে পৰা ২৪ ঘন্টা বাল্ক ক্লিয়াৰিঙৰ সুবিধা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে। উল্লেখ্য যে আগষ্টৰ পৰা নেচনেল অট’মেটেড ক্লিয়াৰিং হাউচ (National Automated Clearing House) দিনে ২৪ ঘন্টাই কাৰ্যকৰী হৈ থাকিব।
ৰিজাৰ্ভ বেংকে জানিবলৈ দিয়া মতে যিহেতু NACH সপ্তাহৰ আটাইকেইটা দিনতেই কাৰ্যকৰী হৈ থাকিব , গতিকে চেকৰ মাধ্যমেৰে টকা যোগান ধৰা কাৰ্যত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগিব প্ৰতিজন গ্ৰাহকে।
উল্লেখযোগ্য যে সঘনাই বাল্ক ক্লিয়াৰিং হোৱাৰ বাবে বন্ধৰ দিনাও টকাৰ লেনদেন হ’ব পাৰে। সেইবাবে চেকত চহী কৰাৰ আগতে বা চেক ভঙোৱাৰ আগতে বেংক একাউন্টত পৰ্যাপ্ত টকা আছে নে নাই সেই কথা পৰীক্ষা কৰোৱা দৰকাৰ।অন্যথা চেক বাউন্স হ’ব পাৰে যাৰ ফলত জৰিমণাও ভৰিব লগীয়া হ’ব পাৰে।
ৰিজাৰ্ভ বেংকে অধিক পৰিমাণৰ টকাৰ ক্ষেত্ৰটো এক নতুন নিয়ম প্ৰযোজ্য কৰিছে। প্ৰাপ্ত তথ্য মতে ৫০ হাজাৰ বা তাতোকৈ অধিক টকাৰ ক্ষেত্ৰত চেকৰ সবিশেষ যেনে- চেকৰ নম্বৰ, চেকৰ তাৰিখ, প্ৰদানকাৰীৰ নাম , বেংক একাউন্ট নম্বৰ, টকাৰ পৰিমাণ আৰু অন্যান্য বিৱৰণ গ্ৰাহকে নিশ্চিত কৰি জনাব লাগিব। তেনে কৰিলেহে নগদ হিচাপে বা একাউন্টত প্ৰয়োজনীয় টকা পোৱা যাব।
আনহাতে গ্ৰাহকে যদি ফোনৰ জৰিয়তে এই তথ্য নিশ্চিত নকৰে তেন্তে চেক মুকলি কৰি দিয়া নহ’ব। উল্লেখ্য যে ৰিজাৰ্ভ বেংকে চলিত বৰ্ষৰ জানুৱাৰী মাহতেই এই “পজিটিভ পে চিষ্টেম”ৰ বিষয়ে ঘোষণা কৰিছিল।