অসমৰ মৰাণৰ জীয়ৰী ,মৰাণৰে বোঁৱাৰী উৰ্বশী লেখাৰু বৰগোঁহাই ৷ কাপোৰত নানাৰঙী ফুল তুলি স্বাৱলম্বী হোৱা উৰ্বশী আন হাজাৰ গৰাকী মহিলাৰ বাবেও হৈ পৰিছে এক আদৰ্শ ৷ অৱশ্যে তেওঁৰ এই যাত্ৰাত তেওঁক প্ৰতি মূহুৰ্ততে সহযোগ কৰিছে তেওঁৰ জেশাহু দীপা বৰগোঁহায়ে ৷
এটি কলাসুলভ মনৰ অধিকাৰী তথা এগৰাকী শিক্ষিতা নাৰী উৰ্বশী লেখাৰু বৰগোঁহায়ে বিভিন্ন কাপোৰত নানাৰঙী ফুলৰ আৰ্হি তুলি গ্ৰাহকক প্ৰতিমুহূৰ্ততে আকৰ্ষিত কৰিছে ৷ সূতা,গুণা আৰু মণি খচিত কাপোৰ সাজ কিনিবলৈ এতিয়া লাহে লাহে উৰ্বশীৰ পদুলিত ভিৰ কৰিবলৈ লৈছে গ্ৰাহকে ৷ বিভিন্ন সময়ত বিভিন্ন ৰঙৰ সমাহাৰ আৰু মণি-মুকুতা খচিত ৰং-বিৰঙী অথবা গ্ৰাহকৰ নিজৰ পছন্দ অনুযায়ী দীপা আৰু উৰ্বশীয়ে তৈয়াৰ কৰা কাপোৰ যোৰে সুখী কৰিছে গ্ৰাহক সকলকো ৷
তেওঁলোকে হাতেৰে নিৰ্মাণ কৰা এই কাপোৰ ক্ৰয় কৰিছে অসমৰ বিভিন্ন স্থানৰ বহুজনে ৷পুৰুষ,মহিলা তথা শিশুৰ বিভিন্ন কাপোৰ ডিজাইন কৰাৰ পৰা ,ফেব্ৰিক কৰা আৰু ফুল তোলা সকলোবোৰ কৰে উৰ্বশী আৰু দীপাই ৷ আনহাতে নিজৰ সৃষ্টিশীলতাৰে বিভিন্ন সময়ত বিভিন্ন বিষয় লৈ মাটিৰে গহণাও নিৰ্মাণ কৰে তেওঁলোকে ৷
কেৱল এয়াই নহয় সম্পূৰ্ণ এটি কলাসূলভ মনৰ অধিকাৰী মৰাণৰ জীয়ৰি ,মৰাণৰে বোঁৱাৰী উৰ্বশী লেখাৰু বৰগোঁহাই সমান্তৰালভাৱে এগৰাকী ভাল লেখিকা হোৱাৰ লগতে এগৰাকী সু গীটাৰ বাদকো ৷ আনহাতে নিজৰ পৰিয়ালটোকো সূচাৰুৰূপে আগবঢ়াই নিছে এই প্ৰতিভাৱান তথা উদ্যমী মহিলাগৰাকীয়ে ৷ যি প্ৰকৃতাৰ্থত বৰ্তমান সময়ত আন বহু মহিলাৰ বাবেও এক আদৰ্শ ৷
দীপা আৰু উৰ্বশী, দুয়োগৰাকী লগ হৈ কৰা তেওঁলোকৰ এই ব্যৱসায় সন্দৰ্ভত সময়ে সময়ে সামাজিক মাধ্যম ফেচবুকতো ফটো আপলোড কৰি ইচ্ছুক সকলক তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈকো আহ্বান জনাই আহিছে উৰ্বশী লেখাৰু বৰগোঁহাই নামৰ এইগৰাকী উদ্যমী মহিলাই ৷