আমাৰ মাজে মাজে গলৰ বিষ হয় আৰু বহুত অশান্তি দি থাকে। ভাইৰাছ বা বেক্টেৰিয়াৰ অক্ৰমণো গলৰ বিষৰ প্ৰধান কাৰণ হ’ব পাৰে। বহুত সময়ত চিঞৰ -বাখৰ কৰি ফুৰ্তি কৰিলেও গলৰ বিষ হ’ব পাৰে। এনে ধৰণৰ গলৰ বিষ কেইদিন মান পিছত আপোনা-আপুনি ভাল হৈ যায়।
কিন্তু একেলেথাৰিয়ে কেইবাদিনো গলৰ বিষ হৈ থাকিলে আৰু জ্বৰ হ’লে ডাক্টৰৰ পৰামৰ্শ ল’ব লাগে।
কেতিয়াবা সাধাৰণ গলৰ বিষেও মানুহক কষ্ট দিব পাৰে। গৰম পানীত নিমখ মিহলাই কুলকুলি কৰিলেও গলৰ বিষত বহুখিনি আৰাম পোৱা যায়। সৰু-সুৰা ডিঙিৰ বিষ কুলকুলি কৰিয়েই ভাল কৰিব পাৰি।
যিকোনো ধৰণৰ ধুমপান গলৰ কাৰণে ক্ষতিকৰ। ধূমপান একেবাৰে ত্যাগ নকৰিলে কেতিয়াবা জটিল ৰোগত পৰিণত হ’ব পাৰে।
মুখৰ বা গলৰ যিকোনো বেমাৰ হৈ থকা অৱস্থাত ব্যৱহাৰ কৰা টুথ ব্ৰাছডাল পেলাই দি নতুন টুথ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। টুথ ব্ৰাছৰ পৰাও ডিঙিলৈ ৰোগৰ বীজাণু বিয়পিব পাৰে।
ঠাণ্ডাৰ এলাৰ্জী থকা মানুহৰ ঠাণ্ডা পানী বিশেষকৈ ফ্ৰীজৰ পানী খাব নালাগে। ডিঙি আৰু গলটোক ঠাণ্ডা নলগাকৈ ৰাখিব লাগে।
গলৰ বিষ থকা মানুহে প্ৰতিদিনে কেইফুটামান নহৰু খালে উপকাৰ পাব পাৰে কিয়নো নহৰুৰ বীজাণু ধ্বংস কৰিব পৰা শক্তি আছে।