বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে জিলিকি উঠিছে অসম সন্তান ভাস্কৰ শইকীয়াৰ নাম ৷ এইবাৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে হেয়াৰ ষ্টাইলিষ্ট ভাস্কৰ শইকীয়াই ৷ এইবাৰ ইজৰাইলৰ দ্যা লি জাৰ্ণাল মেগাজিনত অন্তৰ্ভূক্ত হ’ল অসম হেয়াৰ ষ্টাইলিষ্ট গৰাকীৰ নাম ৷ বিশ্বৰ কেশ সজ্জাৰ জগত খনত নিজস্ব শৈলী আৰু অভিনৱ চিন্তাৰে বৰ্তমান সময়ত বহুল ভাৱে চৰ্চিত হৈছে ভাস্কৰ শইকীয়া ৷
অসমৰ জু-ৰ’ডত থকা ‘পিংক ভিল্লা স্পা চ্যালুন’ৰ স্বত্বাধিকাৰী হেয়াৰ ষ্টাইলিষ্ট ভাস্কৰ শইকীয়াৰ নাম এইবাৰ ইজৰাইলৰ শীৰ্ষ আলোচনী দ্য লি জাৰ্নেলত অন্তৰ্ভূক্ত হোৱাৰ খবৰে গৌৰৱান্বিত কৰিছে সমগ্ৰ অসমবাসীকে ৷ অৱশ্যে ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু আলোচনীত শিৰোনাম দখল কৰি চৰ্চালৈ আহিছিল ভাস্কৰ শইকীয়া ৷ নিউজিলেণ্ড ,কেলিফৰ্ণিয়া ,ইংলেণ্ডকে আদি কৰি বহু দেশৰ আগশাৰীৰ আলোচনীত অগতসানুগতিক কেশসজ্জাৰ বাবে অন্তৰ্ভূক্ত হৈছে ভাস্কৰ শইকীয়াৰ নাম ৷ অসম বুক অৱ ৰেকৰ্ডছতো নিজৰ প্ৰতিভাৰ দ্বাৰা নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে তেওঁ ৷