উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সাংবাদিক- মানৱ অধিকাৰ কৰ্মী তিস্তা ছেতালবাদকক গুজৰাটৰ সাম্প্ৰদায়িক সংঘর্ষক লৈ ৰুজু হোৱা এটা গোচৰত জামিন মঞ্জুৰ কৰিছে ৷ দেশৰ মুখ্য ন্যায়াধীশ ইউ উ ললিতৰ নেতৃত্বত এখন বিচাৰপীঠে তেওঁৰ জামিন মঞ্জুৰ কৰে ৷ কিন্তু কোন এই তিস্তা ছেতালবাদক আপুনি জানেনে ? গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা কালত বর্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিভিন্ন প্ৰকাৰে প্ৰত্যাহ্বান জনোৱা ছেতালবাদকে গুজৰাটৰ সাম্প্ৰদায়িক সংঘর্ষৰ পাছত পালন কৰিছিল গুৰুত্বপূর্ণ ভুমিকা ৷
২০০২ চনৰ পিছৰ আইনী যুদ্ধত ছেটালবাদৰ ভূমিকা
পদ্মশ্ৰী সন্মানেৰে বিভুষিত তিস্তা ছেতালবাদ ভাৰতৰ প্ৰথম এটৰ্নী জেনেৰেল এম চি ছেতালবাদৰ নাতিনী। জলিয়ানৱালা বাগ হত্যাকাণ্ডৰ তদন্ত কৰা হাণ্টাৰ কমিছনৰ তিনিজন ভাৰতীয় সদস্যৰ ভিতৰত তেওঁৰ ককাক চিমনলাল হৰিলাল ছেতালবাদ অন্যতম আছিল।
গুজৰাটৰ সাম্প্ৰদায়িক সংঘর্ষৰ পাছত ২০০২ চনত প্ৰতিষ্ঠা হোৱা চিটিজেনছ ফৰ জাষ্টিচ এণ্ড পিছ (চিজেপি) নামৰ বেচৰকাৰী সংস্থাটোৰ প্ৰতিষ্ঠাপক ন্যাসৰক্ষী আৰু সচিব। এই সংঘর্ষৰ বলি হোৱা লোকসকলক আইনী সাহায্য প্ৰদান কৰিছিল এই বেচৰকাৰী সংস্থাটোৱে।
সংঘর্ষৰ বলি হোৱা লোকসকলৰ গোচৰ গ্ৰহণ কৰা প্ৰথম কৰ্মীসকলৰ ভিতৰত তেওঁ আছিল অন্যতম ৷ তেওঁৰ এই পদক্ষেপৰ বাবেই শেষত উচ্চতম ন্যায়ালয়ে সাম্প্ৰদায়িক সংঘর্ষৰ তদন্তৰ বাবে চিবিআইৰ প্ৰাক্তন সঞ্চালক আৰ কে ৰাঘৱনৰ অধীনত এছআইটি গঠন কৰিছিল।
ছেতালবাদে তেতিয়াৰ মুখ্যমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ যুঁজ দি চর্চালৈ আহিছিল ৷ ২০০৭ চনৰ মাৰ্চ মাহত গুজৰাট উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন বিশেষ অপৰাধমূলক আবেদনত তেওঁ নিজকে জাকিয়া জাফ্ৰিৰ সহ-আবেদনকাৰী হিচাপে নাম উল্লেখ কৰিছিল ৷ এই আবেদনৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু আন ৬১ জন ৰাজনীতিবিদ আৰু বিষয়াৰ বিৰুদ্ধে এজাহাৰৰ ৰুজু কৰিবলৈ নির্দেশ দিবলৈ প্ৰার্থনা জনাইছিল । মোদীৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ দাবও তেওঁ উত্থাপন কৰে ৷
কি কি অভিযোগ আছে ছেতালবাদকৰ বিৰুদ্ধে ?
বছৰ বছৰ ধৰি কেইবাটাও অভিযোগৰ সন্মুখীন হৈ আহিছে ছেতালবাদ। ২০১৪ চনত ছাব্ৰাং এন জি অ’ৰ বাবে মুকলি কৰা অনুদানৰ ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰা চিজেপিৰ প্ৰাক্তন সদস্য ৰায়ীছ খানৰ এজাহাৰৰ ভিত্তিত ২০১৮ চনত আহমেদাবাদ ডিচিবি আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল।এখন আবেদন দাখিল কৰা হৈছিল এই এজাহাৰ খাৰিজ কৰাৰ প্ৰার্থনাৰে দাখিল কৰা আবেদন বর্তমান গুজৰাট উচ্চ ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ আছে।
ইয়াৰ পূৰ্বে ২০১৪ চনত আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চে দাখিল কৰা এজাহাৰত গুলবাৰ্গ ছ’চাইটিৰ একাংশ ভুক্তভোগীয়ে ছেতালবাদ, তেওঁৰ স্বামী আনন্দ আৰু জাফ্ৰিৰ পুত্ৰ তনবীৰৰ বিৰুদ্ধে আস্থা ভংগ, প্ৰতাৰণা, অপৰাধমূলক ষড়যন্ত্ৰ আদিৰ অভিযোগ উত্থাপন কৰিছিল ৷ গুলবাৰ্গ ছ’চাইটিৰ এটা সংগ্ৰহালয়ৰ প্ৰতিষ্ঠাৰ বাবে লাভ কৰা বিদেশী অনুদান ছেতালবাদে ব্যক্তিগত কাম-কাজৰ বাবে ব্যৱহাৰকে ধৰি অন্যান্য উদ্দেশ্যত ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল ৷
২০০২ চনৰ সাম্প্ৰদায়িক সংঘর্ষৰ সময়ত নিহত হোৱা২৮ জন মুছলমানৰ মৃতদেহ প্ৰশাসনে সমাধিস্থ কৰা পাণ্ডাৰৱাদা গাঁওত ২০০৬ চনত অকৰ্তৃত্বশীল খনন চলোৱাৰ অভিযোগত পঞ্চমহল আৰক্ষীয়ে ছেতালবাদ, ৰায়েছকে ধৰি ১০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছি;ল ৷ এই গোচৰ খাৰিজ কৰিবলৈ ছেতালবাদে গুজৰাটৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷