সাহিত্য প্ৰেমী সকলৰ বাবে এক সুখবৰ ৷ ভাৰতৰ যুৱ লেখক-লেখিকা আৰু প্ৰকাশকৰ পৰা ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰৰ মনোনয়নৰ বাবে আহ্বান কৰা হৈছে গ্ৰন্থৰ ৷ সাহিত্য অকাদেমি স্বীকৃত মুঠ ২৪টা ভাষাৰ আটাইকেইটা ভাষাতে ২০২২ বৰ্ষৰ ৩০ছেপ্টেম্বৰৰৰ ভিতৰত ৩৫বছৰ অনুৰ্ধৰ লেখক-লেখিকা সকলে নিজৰ গ্ৰন্থ প্ৰেৰণ কৰিব পাৰিব বুলি শেহতীয়াকৈ সাহিত্য অকাদেমিয়ে জানিবলৈ দিছে ৷ ২০২৩ বৰ্ষৰ ১ জানুৱাৰী পৰ্যন্ত মনোনয়ণৰ বাবে গ্ৰন্থ প্ৰেৰণ কৰা লেখক-লেখিকাৰ বয়স হ’ব লাগিব ৩৫ বছৰ নাইবা ৩৫বছৰতকৈ কম ৷
আনহাতে সমগ্ৰ ভাৰত বৰ্ষৰ মুঠ ২৪টা ভাষাত আয়োজন কৰা এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ৫০,০০০টকা বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে ৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি প্ৰতিখন গ্ৰন্থৰ সৈতে লেখক-লেখিকাৰ বয়সৰ প্ৰত্যয়িত নকল জমা দিয়াটো বাধ্যতামূলক ৷ অন্যথা প্ৰতিযোগিতাৰ বাবে বেবেচিত নহ’ব সেই গৰাকী লেখকৰ গ্ৰন্থ ৷
সবিশেষ তথ্যৰ বাবে অকাদেমিৰ ৱেবছাইট www.sahitya-akademi.gov.in পৰিদৰ্শন কৰিবলৈ সকলোকে অনুৰোধ জনাইছে উদ্যোক্তাসকলে ৷