আজি বিশিষ্ট চিকিৎসক ডাঃ ভুবনেশ্বৰ বৰুৱাৰ ওপজা দিন । ১৮৯৩ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড় জিলাৰ খলিহামাৰীত তেওঁৰ জন্ম হৈছিল । অৱশ্যে কোনো কোনোৰ মতে তেওঁৰ জন্ম শদিয়াত হৈছিল । ঘৰুৱা অভাৱ-অনাটনৰ মাজেৰে তেওঁৰ শৈশৱ অতিবাহিত হৈছিল । গুৱাহাটীত ভিনিহিয়েকৰ ঘৰত থাকি তেওঁ পঢ়া-শুনা কৰিছিল । ১৯১৫ চনত বিশেষ বৃত্তি লাভ কৰি তেওঁ কলিকতালৈ চিকিৎসা বিজ্ঞান পঢ়িবলৈ যায় আৰু ১৯২১ চনত স্নাতকোত্তৰ ডিগ্ৰী লৈ ডিব্ৰুগড়লৈ উভতি আহে । শিক্ষা বিভাগৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ পিছলৈ অসমৰ বিভিন্ন ঠাইত এছিষ্টেণ্ট ছাৰ্জন হিচাপে সেৱা আগবঢ়ায় । চাকৰি কালতে স্বাধীনতা আন্দোলনত যোগ দিয়া বাবে ব্ৰিটিছ চৰকাৰে তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে । সেয়েহে তেওঁ ১৯২৪ চনত চাকৰি এৰি গুৱাহাটীত ‘শংকৰদেৱ ফাৰ্মাচী’ খুলি ব্যক্তিগতভাৱে চিকিৎসা সেৱা আৰম্ভ কৰে । দীন-দুখীয়া আৰ্তজনক তেওঁ বিনামূলীয়াকৈ চিকিৎসা কৰিছিল । চিকিৎসা সেৱা তেওঁ আত্মোৎসৰ্গাৰ মনোভাবেৰে কৰিছিল । সেইবাবে তেওঁ অতি জনপ্ৰিয় হৈছিল । তেওঁৰ স্মৃতিতে গুৱাহাটীত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান স্থাপন কৰা হয় । মানৱদৰদী চিকিৎসকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি কবি দুৰ্গেশ্বৰ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ এগৰাকী নাট্যকাৰো আছিল । ওকালতিৰে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ মেনেজাৰ ক’ৰ্ট অব ৱাৰ্ডছ, বৰপেটাৰ মহকুমাধিপতি, এডিছনেল ডিষ্ট্ৰিক্ট জজ, মঙলদৈৰ মহকুমাধিপতি, ছিলেটৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, কামৰূপৰ উপায়ুক্ত আদি বিভিন্ন পদবীত কৰ্মৰত হৈ কানি নিবাৰণ এক্সাইজ কমিছনাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁৰ কবিতা পুথি দুখন হ’ল অঞ্জলি আৰু নিবেদন। তেওঁ পাৰ্থ পৰাজয় আৰু বালী বধ নামৰ দুখন পৌৰাণিক নাটক ৰচনা কৰিছিল । শ্বেইক্সপিয়েৰৰ As you like it আৰু Cymbeline নামৰ নাট দুখন ক্ৰমে চন্দ্ৰাৱলী আৰু পদ্মাৱতী নামেৰে তেওঁ মুকলি অনুবাদ কৰিছিল । ১৯৬১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবি তথা নাট্যকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট শিক্ষাবিদ ডঃ ইন্দিৰা মিৰিৰ স্মৃতি দিৱস । তেওঁ শ্বিলঙত প্ৰাথমিক শিক্ষা লৈ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি টি ডিগ্ৰী লাভ কৰি যুক্তৰাজ্যৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী লাভ কৰাৰ উপৰি অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষক প্ৰশিক্ষণৰ মানপত্ৰও লাভ কৰে । ১৯৪৭ চনত তেওঁক ভাৰত চৰকাৰে ‘নেফা’ত (বৰ্তমানৰ অৰুণাচল প্ৰদেশ) শিক্ষা বিষয়া হিচাপে নিযুক্তি দিয়ে । পিছলৈ তেওঁ নেফাৰ পৰা আহি যোৰহাটৰ বি টি কলেজত প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে যোগদান কৰে । ১৯৬৮ চনত তাৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ গুৱাহাটীৰ বাণীকান্ত বি টি কলজত অধ্যক্ষ নিযুক্ত হয় । পিছলৈ তেওঁ সমাজ কল্যাণ পৰিষদৰ সভানেত্ৰী হয় । তেওঁ গুৱাহাটী কন্যা মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক অধ্যক্ষা আছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপেও তেওঁ দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছিল । সৰুতে তেওঁক মেৰেং বুলি মাতিছিল আৰু সেই নামটোৰেই অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁৰ জীৱনভিত্তিক উপন্যাস এখন লিখিছে । ১৯৭৭ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । ২০০৪ চনত অসম চৰকাৰে শংকৰদেৱ বঁটা প্ৰদান কৰে । ২০০৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিক্ষাবিদগৰাকীলৈ আমাৰ প্ৰণাম