আজি বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক, ৰাজনীতিক তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ ওপজা দিন । ১৮৮৮ চনৰ আজিৰ দিনটোতে তামিলনাডুৰ তিৰুটানিত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি । তেওঁ এগৰাকী বিচক্ষণ ৰাজনীতিক আছিল যদিও সমগ্ৰ বিশ্বতে তেওঁ এগৰাকী দাৰ্শনিক তথা শিক্ষাবিদ হিচপেহে অধিক জ্ঞাত । তেওঁ মহীশূৰ বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয় আদিত অধ্যাপনা কৰাৰ উপৰি অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ভাৰতীয় উপাচাৰ্য আছিল । বিশ্বৰ মহানতম দাৰ্শনিকগৰাকীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । এইগৰাকী শিক্ষাবিদ, দাৰ্শনিকৰ ওপজা দিনটোকে সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয় । মহান শিক্ষাবিদ তথা দাৰ্শনিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি ‘ভাঙণি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালাৰ ওপজা দিন । শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ তেওঁ আৰক্ষীৰ চাকৰিত যোগদান কৰে । ১৯০৬ চনত তেওঁ পুলিচ মেনুৱেল ৰচনা কৰে । ব্ৰিটিছ চৰকাৰে তেওঁক ১৯১৬ চনত ৰায়চাহাব আৰু ১৯২১ চনত ৰায়বাহাদুৰ খিতাপ প্ৰদান কৰে । তেওঁ আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু জোনাকী কাকতৰ এগৰাকী প্ৰধান পৃষ্ঠপোষক । ১৯২২ চনত তেওঁৰ কবিতা পুথি ‘জিলিকনি’ প্ৰকাশ পায় । An Account of Assam আৰু গোৱালপাৰাৰ পুৰণি বিবৰণ তেওঁৰ আন দুখন গ্ৰন্থ । তেওঁ অনেক ইংৰাজী কবিতা অতি সাৱলীলকৈ অসমীয়ালৈ অনুবাদ কৰিছিল । সেইবাবে তেওঁক ভাঙণি কোঁৱৰ বুলি কোৱা হয় । ১৯৩৪ চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।