প্ৰতিভাসম্পন্ন কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিবেশ সৃষ্টি কৰাৰ মানসেৰে পৃথিৱীৰ কবি ৰাম গগৈৰ প্ৰচেষ্টাত বহু কেইগৰাকী কাব্য মনিষীৰ সহযোগত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কাব্যনগৰী নামৰূপত কেৱল কবি আৰু কবিতাৰ বাবে জন্ম লাভ কৰা ‘সদৌ অসম কবি সন্মিলন’ উত্তৰ-পূব ভাৰতৰ এক বৃহৎ জাতীয় কাব্য সংগঠন । প্ৰতিষ্ঠা কালৰে পৰা এই বৃহৎ জাতীয় অনুষ্ঠানটিয়ে সুদীৰ্ঘ পয়ত্ৰিছটা বছৰে অসমৰ কাব্য জগতত ভিন ভিন কাৰ্যসূচী সম্পাদন কৰি কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
বিগত বৰ্ষসমূহৰ দৰে এইবাৰো সদৌ অসম কবি সন্মিলনৰ ষষ্ঠদশ যোৰহাট অধিৱেশনত অসমৰ কাব্য আৰু সাহিত্যৰ পথাৰলৈ অনন্য অৱদান আগবঢ়োৱা বিশিষ্ট কবি-সাহিত্যিকসকলক তেখেতসকলৰ জীৱনজোৰা সাধনাৰ বাবে সদৌ অসম কবি সন্মিলনৰ ‘কাব্যঋষি’, ‘সাহিত্য মহীৰূহ’, ‘সাহিত্য ভাস্কৰ’ ‘কাব্যৰত্ন’, ‘কবিপ্ৰাণ”, ‘পৃথিৱীৰ কবি ৰাম গগৈ কাব্য সন্মান’, ‘কাব্য মহীয়সী’ সন্মানৰ লগতে ‘পৃথিৱীৰ কবি ৰাম গগৈ বঁটা’, কবিপ্ৰাণ আনন্দ দত্ত কাব্য বঁটা. ‘কাব্যপ্ৰাণ চূজাউদ্দিন আহমদ বঁটা’, ‘অৱনী চক্ৰৱৰ্তী বঁটা’, ‘বেণু চিৰিং বঁটা’, ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি বঁটা’, ‘জনাৰ্দন শইকীয়া আৰু জয়মতী শইকীয়া সোঁৱৰণী বছৰৰ শ্ৰেষ্ঠ কবিৰ সন্মান’, ‘সম্প্ৰীতি (টুকটুক) শইকীয়া সোঁৱৰণী বছৰৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান’, মিলাৰাম নাথ আৰু অমূল্য শইকীয়া সোঁৱৰণী এককালীন আৰ্থিক সাহায্য’, ‘কাব্যশ্ৰী হাজৰিকা উদগনিমূলক বঁটা’, ‘আলহাজ চৈয়দ আমান উল্লাহ শিশু কাব্য বঁটা’ আদি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জাতীয় কাব্য সংগঠনটোৱে।
সেয়েহে সংগঠনটোৱে অসমৰ প্ৰতিভাৱান কবিসকলক কবিতা আৰু কবিতাৰ পাণ্ডুলিপি বিচাৰি আহ্বান জনাইছে ৷ কাব্য সংগঠনটোৱে ‘পৃথিৱীৰ কবি ৰাম গগৈ বঁটা’ৰ বাবে ২০১৯-২২ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ তিনিটা কপি, ‘কবিপ্ৰাণ চুজাউদ্দিন আহমেদ বঁটা’ৰ বাবে চল্লিশ বছৰ অনূৰ্ধ্বৰ কবিসকলৰ ২০১৯-২২ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ তিনিটা কপি,’অৱনী চক্ৰৱৰ্তী বঁটা’ৰ বাবে ত্ৰিশ বছৰ অনূৰ্ধ্ব কবিৰ পঁচিশটা কবিতাৰ পাণ্ডুলিপি , ‘বেণু চিৰিং বঁটা’ৰ বাবে ২০১৯-২২ বৰ্ষত প্ৰকাশিত এখন আলোচনাত্মক গ্ৰন্থ, ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি বঁটা’ৰ বাবে পঁচিশ বছৰ অনূৰ্ধ্ব কবিৰ দহটা সন্ত্ৰাসবিৰোধী কবিতা পাণ্ডুলিপি বিচাৰি আহ্বান জনাইছে ৷
আনহাতে বিশ বছৰ অনূৰ্ধ্ব কবিৰ ২০১৯-২২ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ ভিত্তিত ‘কাব্যশ্ৰী হাজৰিকা উদগনিমূলক বঁটা’, পঁচিশটা কবিতা পাণ্ডুলিপিৰ ভিত্তিত ওঠৰ বছৰ অনূৰ্ধ্ব কাব্যচৰ্চাকাৰীক ‘আলহাজ চৈয়দ আমান উল্লাহ শিশু কাব্য বঁটা’, প্ৰদানৰো ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও তেওঁলোকে জানিবলৈ দিয়া মতে এগৰাকী বিশিষ্ট কবিক ‘জনাৰ্দন শইকীয়া আৰু জয়মতী শইকীয়া’ৰ সোঁৱৰণত বছৰটোৰ শ্ৰেষ্ঠ কবিৰ সন্মান, এগৰাকী চল্লিশ বছৰ অনূৰ্ধ্বৰ কবিক সম্প্ৰীতি(টুকটুক)শইকীয়াৰ সোঁৱৰণত বছৰটোৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান আৰু যিকোনো বিশ্ববিদ্যালয়ৰ অধীনত কবি আৰু কবিতা সম্পৰ্কীয় বিষয়ত গৱেষণা কৰি থকা এগৰাকী গৱেষকক মলাৰাম নাথ আৰু অমূল্য শইকীয়াৰ সোঁৱৰণত এককালীন আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ’ব ।
সেয়েহে এই বঁটাসমূহৰ বাবে অসমৰ ইচ্ছুক কবিসকলৰ পৰা চলিত বৰ্ষৰ ২০ ছেপ্টেম্বৰৰ ভিতৰত কাব্যগ্ৰন্থ, কবিতাৰ পাণ্ডুলিপিৰ তিনিটাকৈ কপি, বায়’ডাটাসহ বয়সৰ প্ৰমাণপত্ৰ(প্ৰয়োজন সাপেক্ষে) ‘ উজ্জ্বল পাওগাম, প্ৰধান সম্পাদক, সদৌ অসম কবি সন্মিলন, ‘শব্দ’, মহাত্মা গান্ধী পথ, যোৰহাট-১’ ঠিকনাত প্ৰেৰণ কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছে সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী আৰু বিশাল অনুৰাগে ।