শেহতীয়াকৈ গুৱাহাটীত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ,গীতিকাৰ,সংগীত পৰিচালক ড০ সংগীতা কাকতিৰ কণ্ঠত বাণীবদ্ধ হোৱা এটি বাংলা মিউজিক ভিডিঅ’ ৷ দেওবাৰে ‘মন কাজে লাগে না যে’ শীৰ্ষক এই মিউজিক ভিডিঅ’টোৰ শুভ উন্মোচন কৰে অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু জনপ্ৰিয় কণ্ঠশিল্পী কুইন দাসে ৷
কলকাতাৰ হিন্দস্তান ৰেকৰ্ডে (ইনৰেকো এণ্টাৰটেইনমেণ্ট) নিবেদন কৰা এই গীতটিৰ উন্মোচনী অনুষ্ঠানটিত উপস্থিত থাকে ৰাজীৱ প্ৰকাশ বৰুৱা ,ড০ সংগীতা কাকতি ,ৰূপক দেৱকে আদিকৰি অসমৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি ৷
উল্লেখযোগ্য যে আৰ কে ডি ষ্টুডিঅ’ পাৰ্থত বাণীবদ্ধ কৰা এই গীতৰ সুৰ আৰু সংগীত ৰূপক দেৱৰ ৷ আনহাতে গীতৰ কথা কলকাতাৰ শ্যামল সেনগুপ্ত আৰু কেমেৰা আৰু সম্পাদনা সুৰজ বিশ্বাসৰ ৷