ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে নতুন দিল্লীত কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহ সহ কেইবাজনো মন্ত্ৰীক সাক্ষাৎ কৰি অসম-মিজোৰাম সীমান্তৰ সমস্যাৰ সন্দৰ্ভত এক আলোচনাত মিলিত হোৱাৰ উপৰিও এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
বুধবাৰে নতুনদিল্লীত গৃ্হমন্ত্ৰী মন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত আজমলক সংগ দিয়ে সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই। সাংসদ আজমলে প্ৰকাশ কৰা অনুসৰি আলোচনাৰ সময়ছোৱাত তেওঁলোকে ব্ৰিটিছৰ সময়ৰ পৰা অসম-মিজোৰাম সীমাৰ ঐতিহাসিক পটভূমি বিৱৰণ দি কেনেকৈ মিজো লোকসকলে অসমৰ ভূমি দখল কৰি আহিছে সেই বিষয়ে উল্লেখ কৰি স্মাৰক পত্ৰ প্ৰৰণ কৰে।
সাংসদ আজমলে কয় যে ”আমি দাবী জনাইছো যে এই বিবাদ নিষ্পতিৰ বাবে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰে। আৰু মিজোৰাম প্ৰশাসনক শান্তি বাৰ্তা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে।অসমৰ ৬ জনকৈ আৰক্ষীৰ জোৱান নিহত হোৱা স্থানত মিজোৰাম দিশৰ পৰা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বুলি তেওঁ নিশ্চিতি প্ৰদান কৰে।“
পুনৰ বৃ্হস্পতিবাৰে আজমলৰ নেতৃত্বতে এ আইইউডিএফৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক সাক্ষাৎ কৰি ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন এলেকাত প্ৰতিবছৰে বৰলুইতৰ বান- গৰা খহনীয়াই সৃষ্টি কৰা ধ্বংসলীলা সম্পৰ্কে তথ্য দাঙি ধৰি এই সমস্যাৰ স্থায়ী সমাধান বিছাৰে।