আজি শিক্ষক দিৱস উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শিক্ষকসকলক ‘ৰাষ্ট্ৰীয় শিক্ষক বঁটা’ প্ৰদান কৰে ৷ ।ৰাষ্ট্ৰপতিগৰাকীয়ে এই বঁটা প্ৰদান কৰা সমগ্ৰ ভাৰতৰ মুঠ ৪৬ জন শিক্ষকৰ ভিতৰত অসমৰ শোণিতপুৰ জিলাৰ চন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মীনাক্ষী গোস্বামীকো এই বঁটাৰে সন্মানিত কৰাৰ বাতৰিয়ে সমগ্ৰ অসমবাসীকে আনন্দিত কৰিছে ৷ এগৰাকী শিক্ষক হিচাপে সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ‘ৰাষ্ট্ৰীয় শিক্ষক বঁটা’ প্ৰদান কৰা হৈছে অসমৰ শিক্ষক গৰাকীক।
গুৰুত্বপূৰ্ণ কথা যে শিক্ষা মন্ত্ৰালয়ৰ’ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে’ প্ৰতি বছৰে দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলক এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ বাবে বহু বছৰ ধৰি শিক্ষক দিৱসৰ (৫ ছেপ্টেম্বৰ)দিনটোত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূবৰ মুঠ ৭ জন শিক্ষকক আজি এই ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে৷ শিক্ষক দিৱস উপলক্ষে অসমৰ মীনাক্ষী গোস্বামী, মেঘালয়ৰ গামচি তিমৰে আৰ মাৰাক, ত্ৰিপুৰাৰ সন্তোষ নাথ, মণিপুৰৰ নংমাইথেম গৌতম সিং, নাগালেণ্ডৰ মিমি যোশী আৰু ছিকিমৰ সিদ্ধাৰ্থ ইয়ংজন আৰু মালা জিগদল দৰ্জীক শিক্ষক দিৱস উপলক্ষে আজি সন্মানিত কৰা হয়।
উল্লেখনীয় যে এই বঁটাৰ বাবে সমগ্ৰ দেশৰ মুঠ ৪৬ জন শিক্ষকক বাছনি কৰা হৈছে।
আনহাতে বঁটা প্ৰদান অনুষ্ঠানৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰপতি ভৱনৰ আন বিষয়াসকলেও ড০ ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰে।
শিক্ষকসকলক এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ উদ্দেশ্য হৈছে দেশৰ শিক্ষাবিদসকলে আগবঢ়োৱা অনন্য অৱদানক স্বীকৃতি দিয়াৰ লগতে সেই শিক্ষাবিদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা যিসকলে তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কেৱল শিক্ষাৰ্থীসকলৰ শৈক্ষিক অভিজ্ঞতা বৃদ্ধি কৰাই নহয় লগতে সামগ্ৰিকভাৱে স্কুলীয়া শিক্ষাৰ মানদণ্ডও উন্নত কৰিছে।