গুৱাহাটীৰ মাছখোৱা আইটিএত অনুষ্ঠিত হোৱা ‘মিছেচ ইণ্ডিয়া ইণ্টাৰনেচনেল গ্লোবেল ইউনিভাৰ্চেল ২০২২’ৰ বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল মৰাণৰ বৰ্ণালী গগৈ ৷সৌন্দৰ্য প্ৰতিযোগিতাখনিত ক্লাছিক শ্ৰেণীত ‘সৰ্বশ্ৰেষ্ঠ ৰেম্প ৱাক’ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় প্ৰতিযোগীগৰাকী ৷
‘মিছেচ ইণ্ডিয়া ইণ্টাৰনেছনেল গ্লোবেল ইউনিভাৰ্চেল ২০২২’প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় সঞ্চালক মণিকা সিনহাই আয়োজন কৰা এই সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ীৰ মুকুট পিন্ধা বৰ্ণালী গগৈয়ে সামাজিক মাধ্যম যোগে তেওঁৰ অনুৰাগী সকলক এই বিষয়ে অৱগত কৰি কয় যে মনৰ প্ৰৱল ইচ্ছাশক্তি আৰু গভীৰ আত্মবিশ্বাসৰ বলত আৰু শুভাকাংশী সকলৰ মৰম আৰু আশীৰ্বাদৰ ফলত পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হ’ল তেওঁ । তেওঁ লগতে কয় যে ২০২১ চনতে তেওঁ নৰ্থ-ইষ্টৰ ভিতৰত বিজয়ী হৈ মিছেচ ইণ্ডিয়াৰ বাবে নিৰ্বাচিত হৈছিল।
আনহাতে তেওঁ কয় যে প্ৰতিবছৰে সুদূৰ বাংগালুৰুত অনু্স্থিত হোৱা এই প্ৰতিযোগিতা এইবছৰ সৌভাগ্যক্ৰমে অসমতে আয়োজন কৰা হ’ল তাৰ বাবে তেওঁলোক ধন্য। লগতে আয়োজক হিচাবে মণিকা সিনহাই মহিলা সকলৰ বাবে ইমান ধুনীয়া আৰু শৃংখলাবদ্ধ মঞ্চ এখন দি নিজে আগবাঢ়ি যোৱাৰ লগতে আন দহ গৰাকী নাৰীকো আগুৱাই লৈ যোৱাৰ বাবে মণিকা সিনহাক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে ।