টাটা চন্ছৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ মৰ্মান্তিক মৃত্যুৰ পিছত পিছৰ আসনত বহা যাত্ৰীকো ছিটবেল্ট পিন্ধিবলৈ অনুৰোধ জনালে আনন্দ মহিন্দ্ৰাই ৷ এই দুৰ্ঘটনা সন্দৰ্ভত শোকস্তব্ধ হোৱা ব্যক্তি গৰাকীয়ে ক’লে যে তেওঁ সংকল্প লৈছে যে গাড়ীৰ পিছৰ চিটত থকাৰ সময়তো তেওঁ সদায় ছিটবেল্ট পিন্ধিব আৰু লগতে সকলোকে আহ্বান জনাইছে যে সকলোৱে যেন সেই প্ৰতিজ্ঞা কৰে। তেওঁ লগতে কয় যে আমি সকলোৱেই আমাৰ পৰিয়ালৰ ওচৰত ঋণী।
কালি আহমেদাবাদৰ পৰা মুম্বাই অভিমুখী টাটা চন্ছৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰী আৰু এজন সহযাত্ৰীৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰিয়ে সমগ্ৰ দেশতে গভীৰ শোকৰ ছাঁ পেলোৱাৰ লগতে সচকিত কৰি তুলিছে বহুজনক। মুম্বাইৰ পৰা ১৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত দেওবাৰে তেওঁলোকৰ গাড়ীখনে ডিভাইডাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুক আকোৱালি লয় চাইৰাছে ৷ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা অনুসৰি যাত্ৰাটোত এজনো যাত্ৰীয়ে ছিটবেল্ট পৰিধান কৰা নাছিল। আনহাতে অতিমাত্ৰা গতিবেগ আৰু চালকজনকো ইয়াৰ বাবে দোষাৰোপ কৰিছে আৰক্ষীয়ে ৷
শেহতীয়াকৈ দেশৰ এজন আগশাৰীৰ উদ্যোগপতি আনন্দ মহিন্দ্ৰাই সেয়েহে এক টুইটযোগে ছিটবেল্ট পিন্ধিবৰ বাবে আহ্বান জনাইছে সকলোকে ।লগতে ভাৰতৰ এক অন্যতম ব্যৱসায়িক পৰিয়ালৰ বংশধৰ চাইৰাছ মিষ্ট্ৰীক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে উদ্যোগপতি গৰাকীয়ে।
৫৪ বছৰীয়া মিষ্ট্ৰীয়ে পত্নী ৰোহিকা আৰু দুজন পুত্ৰ ফিৰোজ আৰু জাহানক ইহ সংসাৰত এৰি থৈ যায়। দুৰ্ঘটনাৰ সময়ত গাড়ীখনত থকা চাৰিজন লোকৰ ভিতৰত চাইৰাছ মিষ্ট্ৰীকে ধৰি দুজনৰ থিতাতে মৃত্যু হয় আৰু বাকী দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য যে ২০১২ চনত ৰতন টাটাৰ পিছত টাটা চন্ছৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল সদ্যপ্ৰয়াত চাইৰাছ মিষ্ট্ৰীয়ে ৷