আজি জনপ্ৰিয় কণ্ঠশিল্পী মহানন্দ মজিন্দাৰ বৰুৱাৰ ওপজা দিন । ১৯৪৩ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ নাজিৰাত তেওঁৰ জন্ম হৈছিল । বিশেষকৈ বিহু আৰু বিহুসুৰীয়া গীতৰ বাবে তেওঁ বিখ্যাত । তেওঁ একাধিক চলচ্চিত্ৰৰ নেপথ্য সগীততো কণ্ঠদান কৰিছিল । বোৱাৰী, ৰাংঢালী, মনমন্দিৰ আদি চলচ্চিত্ৰৰ বাবে তেওঁ গোৱা গীতবোৰ অতি জনপ্ৰিয় । বিশেষকৈ বোৱাৰী চলচ্চিত্ৰৰ ‘মন হীৰাদৈ চাইকেল নহয় টিলিঙা’ গীতটি আজিও অগণন শ্ৰোতাৰ কাণত ৰৈ ৰৈ বাজি আছে । কণ্ঠশিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা আকিৰা কুৰোছাৱাৰ স্মৃতি দিৱস । অকল জাপানী চলচ্চিত্ৰক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাই নহয়, নিজৰ প্ৰতিভাৰে বিশ্বৰ চলচ্চিত্ৰ জগতখনতো তেওঁ এটা বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । কাৰ্যৰত ৫৭টা বছৰত তেওঁ ৩০ খন চলচ্চিত্ৰ নিৰ্মাণ কৰে । তেওঁৰ প্ৰতিখন চলচ্চিত্ৰই দেশে-বিদেশে উচ্চ প্ৰশংসা লাভ কৰে । তেওঁ হৈ পৰে বিশ্বৰ মহান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজৰ এজন । ১৯৯৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । চিনেকৰ্মীগৰাকীলৈ আমাৰ প্ৰণাম ।