বৰ্তমান সময়ৰ এটি জনপ্ৰিয় সৌন্দৰ্য পৰিচৰ্যা ব্ৰেণ্ড ছুগাৰ কছমেটিকছত এইবাৰ বিনিয়োগ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে ৷ অৱশ্যে প্ৰতিষ্ঠানটোত নিৰ্দিষ্ট পৰিমানৰ ধন বিনিয়োগ কৰাৰ উপৰিও প্ৰতিষ্ঠানটোৰ প্ৰচাৰৰ সৈতেও ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ থাকিব অভিনেতা গৰাকী ৷
এই সন্দৰ্ভত ছুগাৰ প্ৰসাধনৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিনীতা সিঙে ৰণবীৰক ছুগাৰ পৰিয়াললৈ স্বাগতম জনাই কয় যে তেওঁলোক যথেষ্ট আনন্দিত। ছুগাৰ হৈছে সাহসী, স্বতন্ত্ৰ মহিলাসকলৰ পছন্দৰ মেকআপ ৷ আনহাতে ৰণবীৰৰ দৰে সাহসী, বিচিত্ৰ আৰু জীৱন্ত ব্যক্তিত্বৰ অংশীদাৰীত্বই এক প্ৰতিষ্ঠানটোক অধিক উপযুক্ত কৰি তুলিব ৷
আনহাতে প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে বলীউড অভিনেতা গৰাকীৰ বিনিয়োগৰ ফলত আন সাম্ভাব্য বজাৰ সমূহত ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰাত সহায়ক হ’ব ছুগাৰ কছমেটিকছৰ ৷ উল্লেখনীয় যে চিৰিজ দি পুঁজি সংগ্ৰহৰ প্ৰক্ৰিয়াত প্ৰতিষ্ঠানটোৱে এল কেটাৰণৰ পৰা ৫০নিযুট ডলাৰৰ পুঁজি সংগ্ৰহ কৰাৰ পিছতে সৌন্দৰ্য পৰিচৰ্যা খণ্ডৰ এই প্ৰতষ্ঠানটোৱে ৰণবীৰ সিঙৰ পৰা বিনিয়োগ লাভ কৰিবলৈ সক্ষম হয় ৷
আজিৰ পৰা মাত্ৰ কেইটামান বছৰৰ আগতে ২০১৫চনত প্ৰতিষ্ঠা লাভ কৰা ছুগাৰ কছমেটিকছ প্ৰতিষ্ঠানটোৱে বছৰি প্ৰায় ৫৫০কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি আহিছে ৷