অনিল চৌহানৰ কথা আপোনাৰ মনত অছেনে ? কিছু বছৰ পূর্বে আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অনিল চৌহানক ৷ আনকি প্ৰাক্তন বিধায়িকা এগৰাকীৰ নামো সাঙোৰ খাই পৰিছিল অনিল চৌহানৰ সৈতে ৷ কিন্তু আপুনি জানেনে বর্তমান সময়ত দেশৰ ভিতৰত আটাইতকৈ ডাঙৰ গাড়ী চোৰ হৈছে অনিল চৌহান ? এই কথা আমি কোৱা নাই ৷স্বয়ং আৰক্ষীয়ে অনিল চৌহান স্বীকৃতি দিছে বর্তমান দেশৰ আটাইতকৈ ডাঙৰ গাড়ী চোৰ হিচাপে ৷ দিল্লী আৰক্ষীয়ে এদিন পূর্বে গ্ৰেপ্তাৰ অনিলৰ বিৰুদ্ধে ৫০০০ তকৈ অধিক গাড়ী চুৰি কৰাৰ অভিযোগ আছে ৷ যিবোৰ তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰিছে ৷ আৰক্ষীৰ তথ্য অনুসৰি ৫২ বছৰীয়া অনিলৰ দিল্লী, মুম্বাই আৰু উত্তৰ-পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বহু সম্পত্তি আছে। তেওঁ এক বিলাসী জীৱন কটায় আহিছে বুলিও আৰক্ষীয়ে সদৰী কৰিছে ৷ তেওঁৰ পত্নী তিনিগৰাকী বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
আৰক্ষীয়ে দাবী কৰিছে যে তেওঁ দেশৰ আটাইতকৈ ডাঙৰ গাড়ী চোৰ আৰু যোৱা ২৭ বছৰত তেওঁ পাঁচ হাজাৰতকৈ অধিক গাড়ী চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। মধ্য দিল্লী আৰক্ষীৰ বিশেষ শাখাই দেশবন্ধু গুপ্তা ৰোড এলেকাৰ পৰা গোপন সূত্ৰৰ পিছতে তেওঁক ধৰিবলৈ সক্ষম হয়। আৰক্ষীৰ মতে, বৰ্তমান অনিল অস্ত্ৰ সৰবৰাহত জড়িত হৈ আছে। তেওঁ উত্তৰ প্ৰদেশৰ পৰা অস্ত্ৰ লৈ আহি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নিষিদ্ধ সংগঠনসমূহক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।
এসময়ত অটোৰিক্সা চলোৱা অনিল চৌহান ১৯৯৫ চনত দিল্লীৰ খানপুৰ অঞ্চলত বাস কৰিছিল ৷ ইয়াৰ পিছত লাহে লাহে তেওঁ অপৰাধৰ জগতখনত ভৰি দিলে আৰু ১৯৯৫ চনৰ পিছত গাড়ী চুৰি কৰিবলৈ আৰম্ভ কৰিলে । মাৰুতি ৮০০ গাড়ী চুৰি কৰাৰ বাবে কুখ্যাত আছিল অনিল। অনিল চৌহানে দেশৰ বিভিন্ন প্ৰান্তত গাড়ী চুৰি কৰি নেপাল, জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ ৰাজ্যলৈ প্ৰেৰণ কৰিছিল।
২০১৫ চনতো অনিল চৌহানক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ৫ বছৰ কাৰাগাৰত থাকি ২০২০ চনত মুক্তি লাভ কৰে। তেওঁৰ বিৰুদ্ধে ১৮০টা গোচৰ ৰুজু কৰা হৈছে। বহু ৰাজ্যত তেওঁৰ অগণন সম্পত্তি আছে বুলি কোৱা হৈছে। দিল্লী, মুম্বাইৰ পৰা পূবৰ ৰাজ্যলৈকে বহু সম্পত্তি ক্ৰয় কৰিছে।