আমাৰ সমাজত এনে কিছুমান ব্যক্তি আছে যি নীৰৱে প্ৰকৃতি বাবে সমাজৰ বাবে কাম কৰি আছে । তেওঁলোকে আত্ম প্ৰচাৰ আদিৰ কৌশল বোৰ নাজানে বা ইচ্ছা কৰিও তেনে নকৰে ।নিৰৱে নিজৰ ভাল লগা কামবোৰ কৰি সমাজলৈ অৱদান আগবঢ়াই তেনে ব্যক্তি সকলে ৷ তেনে এগৰাকী নিৰৱ,নিস্বাৰ্থ পৰিৱেশকৰ্মী হ’ল ঢকুৱাখনাৰ ফুলেশ্বৰী দত্ত ।
জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ যোগেদি ফুলেশ্বৰী দত্তৰ এই নিৰৱ সাধনাৰ কথা জানিবলৈ দিলে বৰ্তমান সময়ৰ অসমৰ এজন জনপ্ৰিয় যুৱ কবি নিবিৰ অনুৰাগ মানসে ৷ কবি তথা পৰিবেশকৰ্মী নিবিৰ অনুৰাগ মানসে জানিবলৈ দিয়ে যে ঢকুৱাখনা বাসুদেৱ থান সংযোগী আলিবাটৰ কঢ়াঘাটৰ স্থায়ী নিৱাসী ফুলেশ্বৰী দত্তই ২০০১ চনৰ পৰা আজি পৰ্যন্ত বিলুপ্ত হ’বলৈ ধৰা শগুণক নিজৰ বাৰীখনতে আশ্ৰয় দি আহিছে । যি সময়ত শগুণে আদৰ্শ বাসস্থানৰ অভাৱত ভুগিছে তেনে সময়ত শগুণৰ বাবে নিৰাপদ স্থান হৈ পৰিছে তেওঁৰ বাৰীখন । বিগত প্ৰায় ২১ বছৰ ধৰি শগুণৰ সংৰক্ষণ আৰু প্ৰজননৰ বাবে নীৰৱে কাম কৰি তেখেতে সমাজৰ আগত দাঙি ধৰিছে এক অনন্য নিদৰ্শন ।
আনহাতে প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ প্ৰথমটো শণিবাৰে পালন কৰা “আন্তজাৰ্তিক শগুণ সচেতনতা দিৱস”ৰ লগত সংগতি ৰাখি নিৰৱ,নিস্বাৰ্থ পৰিৱেশকৰ্মী ফুলেশ্বৰী দত্তক সম্বৰ্দ্ধনা জ্ঞাপন কৰে পৰিৱেশ কৰ্মী ধ্ৰুৱজ্যোতি চেতিয়া, ৰণ্টু চেতিয়া আৰু নিবিৰ অনুৰাগ মানসে ।
ফেচবুক পোষ্টটোৰ যোগেদি নিবিৰ অনুৰাগ মানসে কয় যে যি সময়ত এচাম অৰ্থ লোভী মানুহে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই মুনাফা আদায় কৰিছে তেনে সময়ত প্ৰকৃতি ভালপোৱা “ফুলেশ্বৰী দত্ত” বাইদেউৰ দৰে মানুহ আছে বাবে প্ৰকৃতি খন সেউজীয়া হৈ আছে ।