নামভৰ্তি আৰু চাকৰিৰ ক্ষেত্ৰত সমাজৰ অর্থনৈতিকভাৱে দুর্বল শ্ৰেণী(ই ডব্লিউ এছ)ক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰিবলৈ কেন্দ্ৰই লোৱা সিদ্ধান্তৰ সাংবিধানিক বৈধতা আছে নে ? সেয়া চালিজাৰি জাৰি চাব দেশৰ উচ্চতম ন্যায়ালয়ে ৷ এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি অহা ১৩ ছেপ্টেম্বৰৰ পৰা গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে আবেদনকাৰীসকলৰ অধিবক্তাসকলক যুক্তি প্ৰদর্শনৰ বাবে মুঠ ১৮ ঘণ্টা সময় লাগিব বুলি কোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিচাৰপীঠখনে অধিবক্তাসকলক আশ্বাস দিয়ে যে তেওঁলোকক যুক্তি প্ৰদর্শনৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰা হ’ব ৷ ৪০খন আবেদনৰ ওপৰত সুচাৰুৰূপে শুনানি নিশ্চিত কৰাৰ বাবে ১৩ ছেপ্তেম্বৰৰ পৰা এই শুনানি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
২০১৯ চনত ‘জনহিত অভিযান’কে ধৰি দাখিল কৰা অধিকাংশ আবেদনে ই ডব্লিউ এছ শিতানৰ প্ৰাৰ্থীৰ বাবে কোটাৰ ব্যৱস্থা কৰা ১০৩ সংখ্যক সাংবিধানিক সংশোধনী আইন ২০১৯ৰ বৈধতাক প্ৰত্যাহ্বান জনাইছে।
এটৰ্নী জেনেৰেল কে কে ভেনুগোপাল আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ই ডব্লিউ এছ কোটা আইনক প্ৰত্যাহ্বান জনাই বিচাৰাধীন গোচৰসমূহ বিভিন্ন উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰ কৰিবলৈ আৱেদন জনাইছিল ৷ অসম, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যসমূহে এই গোচৰটোত হস্তক্ষেপ আৱেদন দাখিল কৰিছে ৷
অসম আৰু মধ্যপ্ৰদেশৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা ক্ৰমে মণিন্দৰ সিং আৰু মহেশ জেঠমালানীয়ে কয় যে তেওঁলোকে গোচৰটোত হস্তক্ষেপ কৰিব বিচাৰিছে আৰু এই ৰাজ্যসমূহৰ বাবে মতামত দাখিল কৰিব বিচাৰিছে।
লোকসভা আৰু ৰাজ্যসভাই ২০১৯ চনৰ ক্ৰমে ৮ আৰু ৯ জানুৱাৰীত বিধেয়কখন গৃহীত কৰিছিল আৰু তাৰ পিছত বিধেয়কখনত স্বাক্ষৰ কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ই ডব্লিউ এছ কোটা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি)ৰ বাবে বৰ্তমানৰ ৫০ শতাংশ সংৰক্ষণৰ ওপৰত ইডব্লিউএছৰ ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰা হৈছিল ৷