শিক্ষক দিৱস উপলক্ষে ‘বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চ’ই ৫ছেপ্টেম্বৰৰ দিনটোত দুগৰাকী কৃত্তী শিক্ষয়িত্ৰীক তেওঁলোকৰ কৰ্মৰ যোগেদি শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সন্বৰ্ধনা জ্ঞাপন কৰে ।
অসমৰ বিশিষ্ট সমাজকৰ্মী, ‘লেখিকা সংস্থা অসম’ৰ বৰ্তমানৰ প্ৰধান সম্পাদিকা তথা কৃত্তী শিক্ষক বিজয়া দেৱদাস আৰু ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা চুফিয়া বেগমক শিক্ষাদানৰ উপৰিও সমাজৰ কামত ব্ৰতী হৈ সমাজলৈ একনিষ্ঠ সেৱা আগবঢ়োৱাৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হয় বুলি জানিবলৈ দিয়ে ‘বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চ’ৰ সভাপতি মানসী আদিলে ।আনহাতে ভৱিষ্যতেও বিভিন্ন গঠনমূলক চিন্তাৰ যোগেদি এখন সুস্থ-সবল সমাজ গঠনৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি যাব বুলি কয় অনুষ্ঠানটোৰ সভাপতি গৰাকীয়ে ৷