ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই বৈঠকৰ অন্তত এক যুটীয়া সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশৰ মাজত বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাইছে। পৰৱর্তী সময়ত তথ্য প্ৰযুক্তি, মহাকাশ আৰু পাৰমাণৱিক খণ্ডত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই সন্দর্ভত কেইবাখনো চুক্তি স্বাক্ষৰিত হৈছে দুয়োখন দেশৰ মাজত ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনায় ৷ য’ত তেওঁক আনুষ্ঠানিক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। শ্বেখ হাছিনাই কালি দিল্লীত উপস্থিত হোৱাৰ পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি দ্বিপাক্ষিক আৰু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। বৃহস্পতিবাৰে হাছিনাই মইনুদ্দিন চিষ্টিৰ দৰগাহ দর্শন কৰে ৷ হাছিনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকো সাক্ষাৎ কৰিব।