আজি বিশিষ্ট সমাজসেৱক তথা শিক্ষা সংগঠক মাণিক চন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস । ১৮৮০ চনত তেওঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ অন্নদাৰাম ঢেকিয়াল ফুকনৰ লগ লাগি ‘বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানী’ প্ৰতিষ্ঠা কৰে । অসমত স্বদেশী লোকে স্থাপন কৰা এইটোৱেই আছিল প্ৰথম কোম্পানী । এই কোম্পানীৰ পৃষ্ঠপোষকতাতে ১৮৮২ চনত হেমচন্দ্ৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পায় সাদিনীয়া দ্বিভাষিক বাৰ্তালোচনী ‘আসাম নিউজ’ । এই কাকতখন বন্ধ হৈ যোৱাত তেওঁ ‘আসাম’ নামৰ এখন সাপ্তাহিক কাকত আৰম্ভ কৰে । ১৮৮৪ চনত তেওঁ অসম চৰকাৰৰ অনাৰেৰী মেজিষ্ট্ৰেটৰ পদ লাভ কৰে । মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাতে জন্ম হয় ‘অসম এছোচিয়েছন’ৰ । ১৯০৯ চনত তেওঁ অসমৰ লোকেল বোৰ্ডসমূহৰ প্ৰতিনিধি হিচাপে অসম বিধান পৰিষদৰ সদস্য পদ লাভ কৰে । ঊনৈশ শতিকাৰ শেষৰ দশকত তেওঁ তেতিয়াৰ অসমৰ চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটনৰ ওচৰত অসমত এখন কলেজ স্থাপনৰ অনুৰোধ জনোৱা মৰ্মে ১৯০১ চনৰ ২৭ মে’ত কটন কলেজ স্থাপন কৰা হয় । তেনেদৰে ১৯১২ চনত তেতিয়াৰ অসমৰ চীফ কমিছনাৰ ছাৰ আৰ্ছডেল আৰ্লক তেওঁ অসমত এখন আইন মহাবিদ্যালয় স্থাপনৰ অনুৰোধ জনোৱাত ১৯১৪ চনত আৰ্ল ল কলেজ স্থাপন হয় । লৰ্ড কাৰ্জন অসমলৈ আহোঁতে তেওঁক আদৰিবলৈ সংগ্ৰহ কৰা ধনৰ ৰাহি অংশৰে তেওঁ কাৰ্জন হল নিৰ্মাণ কৰে । ১৯১৫ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সমাজহিতৈষীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট গৱেষক, সাহিত্যিক ডঃ মহেশ্বৰ নেওগৰ ওপজা দিন । ১৯১৫ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত তেওঁৰ জন্ম হৈছিল । সৰুৰে পৰাই তেওঁৰ সাহিত্যৰ প্ৰতি ৰাপ আছিল । অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে ‘বাঁহী’ আলোচনীত তেওঁৰ গল্প, কবিতা প্ৰকাশ পাইছিল । ৰঘুনাথ চৌধাৰী সম্পাদিত ‘জয়ন্তী’ আলোচনীৰ ছাত্ৰ মহল শিতানৰ তেওঁ সম্পাদক আছিল । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল । অসমীয়া গীতি সাহিত্য, অসমীয়া সাহিত্যৰ ৰূপৰেখা, সাহিত্য সমীক্ষা আদি গ্ৰন্থৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । ৰক্তকমল, দীপশিখা, সঞ্চাৰিণী আদি তেওঁৰ কবিতাপুথি । আৱৰ্তন, ঋতু সুৰ আদি তেওঁ ৰচিত নাটক । তেওঁ কেইবাখনো ইংৰাজী গ্ৰন্থ লিখিছিল । ১৯৭৯ চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰে । অসম সাহিত্য সভাই তেওঁক সদস্য মহীয়ান উপাধি প্ৰদান কৰে । ১৯৮৯ চনত তেওঁ শংকৰদেৱ বঁটা লাভ কৰে । ১৯৭৪ চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । বৰেণ্য সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম