পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমুল কংগ্ৰেছৰ মুৰব্বী মমতা বেনার্জীয়ে সঘনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰি আহিছে ৷ একপ্ৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে অগ্নিকন্যা হিচাপে খ্যাত মমতাই ৷ কিন্তু অগ্নিকন্যাক বশ কৰাৰ কৌশল চলাইছে নেকি কেন্দ্ৰীয় চৰকাৰে ? তাক লৈ চর্চা চলিছে ৷ কিয়নো মমতা বেনার্জী কেবিনেটৰ এজনৰ পাছত আন এজন মন্ত্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে চিবিআইয়ে ৷ কিছুদিন পূর্বে শিক্ষক নিযুক্তি কেলেংকাৰীত প্ৰাক্তন মন্ত্ৰী পার্থ চেটার্জীক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুৱাৰে পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে কয়লা কেলেংকাৰীত পশ্চিম বংগৰ আইন মন্ত্ৰী মলয় ঘটকৰ বাসগৃহত তালাচী চলাই ৷ কলকাতাৰ লেক গাৰ্ডেনছ অঞ্চলৰ আছানছলত থকা মিষ্টাৰ ঘটকৰ তিনিটা ঘৰত চিবিআই বিষয়াই অভিযান চলায়।
কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ এক বিশাল দলৰ সহায়ত সংস্থাটোৱে এই কেলেংকাৰীৰ সৈতে জড়িত বাসগৃহসমূহত তালাচী চলায়। এই কেলেংকাৰীৰ সৈতে জড়িত কলকাতাৰ চাৰিটা ভিন্ন স্থানতো তালাচী চলায় সংস্থাটোৱে। প্ৰসংগক্ৰমে কয়লা চুৰিৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে আছানছল উত্তৰৰ বিধায়ক ঘটকক ইডিয়ে জেৰা কৰিছে ৷
চিবিআইৰ এজন বিষয়াই সংবাদ সংস্থা পিটিআইক জনায় যে, ” কয়লা চোৰাং কেলেংকাৰীত তেওঁৰ নাম জড়িত হোৱাৰ লগে লগে আমি জানিব লাগিব যে ইয়াত তেওঁৰ ভূমিকা কি আছিল।এই কেলেংকাৰীত ঘটক জড়িত থকাৰ প্ৰমাণ আমাৰ হাতত আছে।”
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা আৰু তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীকো শেহতীয়াকৈ তদন্তৰ অংশ হিচাপে কলকাতাত বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি)ৰ বিষয়াসকলে প্ৰায় ৮ ঘণ্টা ধৰি সোধা-পোছা কৰিছিল।
কয়লা কেলেংকাৰীৰ সৈতে জড়িত ৪১ জন ব্যক্তিৰ বিৰুদ্ধে চলিত বৰ্ষৰ জুলাই মাহত কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)য়ে অভিযোগনামা দাখিল কৰিছিল যদিও ইয়াত বেনাৰ্জীৰ নাম উল্লেখ কৰা হোৱা নাছিল।
ইষ্টাৰ্ণ ক’লফিল্ড লিমিটেডৰ পশ্চিমবংগৰ কুনুষ্টোৰিয়া আৰু আছানছল আৰু ইয়াৰ আশে-পাশে থকা কাজোৰা অঞ্চলৰ খনিসমূহৰ সৈতে জড়িত কয়লা খনন আৰু চুৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ মূল অভিযুক্ত অনুপ মাজীৰ বিৰুদ্ধে ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত ইডিয়ে এই গোচৰ চলাই আছে। মজীৰ দুজন ঘনিষ্ঠ সহযোগীৰ ১৫ কোটিতকৈ অধিক মূল্যৰ সম্পত্তি জুলাই মাহত জব্দ কৰা হৈছিল