সন্তানৰ প্ৰতি থকা অকৃত্ৰিম মৰম-ভালপোৱাৰ বাবে যিকোনো বিপদৰ নিজে সন্মুখীন হ’বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে এগৰাকী মাতৃয়ে ৷ তেনে এক ঘটনাই পুনৰ দেশজুৰি চর্চা লাভ কৰিছে ৷ কণমানি সন্তানক বচাবৰ বাবে এগৰাকী মাতৃয়ে নিজেই হাতত কোনো অস্ত্ৰ নথকাকৈয়ে এটি বাঘৰ বিৰুদ্ধে যুঁজ দি গুৰুতৰভাৱে আহত হৈছে ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ সমীপৰ জবলপুৰত ৷ চলিত সপ্তাহৰ আৰম্ভণিতে ৰোহনীয়া গাঁৱত সংঘটিত বাঘৰ আক্ৰমণত মহিলাগৰাকীৰ লগতে তেওঁৰ পুত্ৰ আহত হৈছে ৷ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ থকা তেওঁলোকৰ অৱস্থা সুস্থিৰ।
ঘটনাৰ বিবৰণী অনুসৰি মহিলাগৰাকীয়ে খেতিপথাৰত কাম কৰি থকা অৱস্থাত বাঘে ডেৰ বছৰীয়া শিশুটিক আক্ৰমণ কৰে ৷ লগে লগে মহিলাগৰাকীয়ে নিজৰ সন্তানক আকোৱালি ধৰি শিশুটিক বাঘৰ আক্ৰমণৰ পৰা বচাবলৈ চেষ্টা কৰে ৷ বাঘটোৰ পৰা নিজকে বচাবলৈ মহিলাগৰাকীৰ হাতত কোনো অস্ত্ৰ নাছিল। কিন্তু সন্তান বুকুৰ মাজত সুমুৱাই লৈ নিজে বাঘৰ আক্ৰমণৰ সন্মুখীন হৈ তেওঁ চিঞৰি চিঞৰি সহায়ৰ বাবে আহ্বান জনায় ৷ পাছত স্থানীয় লোকদসকলে বাঘটো খেদি পঠিয়াই ৷ শিশুটিৱে মূৰত আঘাত পোৱাৰ বিপৰীতে মহিলাগৰাকীৰ সমস্ত শৰীৰত আঘাতপ্ৰাপ্ত হয়।আহত মহিলা গৰাকীৰ স্বামী ভোলা চৌধুৰীয়ে জানিবলৈ দিয়া মতে, বাঘে আক্ৰমণ কৰাৰ সময়ত শিশুটিক খেতিপথাৰলৈ লৈ গৈছিল। বাঘটো বাহিৰত থকাৰ বিষয়ে তেওঁৰ কোনো ধাৰণা নাছিল।
বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ মেনেজাৰ লভিট ভাৰতীয়ে সংবাদমাধ্যমৰ আগত কয় -“আমাক জনোৱা হৈছিল যে এটা বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰা বাহিৰলৈ ওলাই আহিছে ৷বাঘটো চাবলৈ স্থানীয় লোকসকল ওলাই আহিছিল। কিন্তু মহিলাগৰাকী বাঘটোৰ বিষয়ে অৱগত নাছিল। আক্ৰমণত দুয়োজনেই আহত হোৱাত চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ পিছত তেওঁলোকক জবলপুৰ মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয়।বৰ্তমান মাতৃ আৰু সন্তান দুয়োজনৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ ৷”