সুধাকণ্ঠ ড০ভূপেন হাজৰিকাদেৱৰ ওপজা দিনৰ লগত সংগতি ৰাখি বৰ্তমান সময়ত অসমৰ সাংস্কৃতিক পথাৰখনত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা এটি দৃশ্য-শ্ৰব্য পে’জ তথা চেনেল “গানৰ মানুহ প্ৰাণৰ মানুহ “এ অসমৰ এগৰাকী জনপ্ৰিয় ও প্ৰতিষ্ঠিত কণ্ঠশিল্পী প্ৰশান্ত ৰাজখোৱাক তেওঁ অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা সাংস্কৃতিক অৱদান সমূহৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে l”গানৰ মানুহ প্ৰাণৰ মানুহ “ৰ হৈ যোৰহাট টীয়কৰ পাৰ্থ আৰন্ধৰাই শিল্পী গৰাকীৰ গুৱাহাটিস্থিত বাসভৱনত তেওঁক এই সম্বৰ্ধনা জ্ঞাপন কৰে ।
সামাজিক মাধ্যমত তেওঁৰ অনুৰাগী সকলক এই বিষয়ে অৱগত কৰি জনপ্ৰিয় শিল্পী প্ৰশান্ত ৰাজখোৱাই কয় যে “গানৰ মানুহ প্ৰাণৰ মানুহ “এ তেওঁক দিয়া এই সন্মানৰ বাবে তেওঁ অত্যন্ত সুখী ৷ লগতে “গানৰ মানুহ প্ৰাণৰ মানুহ”ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰাৰ লগতে ইয়াৰ সকলো কৰ্মকৰ্তা আৰু বিশেষকৈ শিখামণি গগৈক তেওঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷ শিল্পী গৰাকীয়ে কয় যে তেওঁৰ দৰে সংস্কৃতিৰ নিঃকিন সেৱক এজনক এই সন্মান যঁচাৰ বাবে তেওঁ অনুষ্ঠানটোৰ ওচৰত চিৰ কৃতজ্ঞ ।