ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰু তাৰ পূর্বে ভাৰতীয়সকলে এজিথ্ৰ’মাইচিনৰ দৰে এন্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে এক নতুন অধ্যয়নত ৷লেন্সেট ৰিজিঅ’নেল হেল্থ-দক্ষিণ-পূব এছিয়াত প্ৰকাশিত এই গৱেষণাত প্ৰকাশ পোৱা অনুসৰি এই ঔষধসমূহৰ অধিকাংশই কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰকৰ দ্বাৰা অনুমোদিত নহয় ৷ যাৰ বাবে এইক্ষেত্ৰত “উল্লেখযোগ্য নীতি আৰু নিয়ন্ত্ৰণ”ৰ আহ্বান জনোৱা হৈছে। যোৱা ১ ছেপ্টেম্বৰত প্ৰকাশিত এই গৱেষণা পত্ৰখনত কোৱা হৈছে যে এই অধ্যয়ন অত্যন্ত গুৰুত্বপূৰ্ণ ৷ ৷ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সংস্থাসমূহৰ মাজত নিয়ন্ত্ৰণ ক্ষমতাৰ ভাগ বটোৱাৰা সঠিকভাৱে নকৰাৰ বাবে দেশত এন্টিবায়টিকৰ উপলব্ধতা, বিক্ৰী, আৰু ব্যৱহাৰ জটিল কৰি তোলে।
অধ্যয়নটোত এই বুলিও কোৱা হৈছে যে যদিও বহু দেশৰ তুলনাত ভাৰতত জনমূৰি ব্যক্তিগত খণ্ডৰ এন্টিবায়টিক ব্যৱহাৰৰ হাৰ তুলনামূলকভাৱে কম, তৎসত্বেও ভাৰতত ব্ৰদ স্প্ৰেকটাম এন্টিবায়টিক ব্যৱহাৰ কৰে ৷ যিবোৰ পৰাপক্ষত কম পৰিমানে ব্যৱহাৰ কৰা উচিত।
গৱেষকসকলে কয় যে তেওঁলোকে ফাৰ্মাট্ৰেকৰ তথ্য বিশ্লেষণ কৰি এই তথ্য প্ৰকাশ কৰিছে ৷ ২০১৯ চনত ব্যৱহাৰ কৰা মুঠ ডিডিডি(ডিফাইন ডেইলী ড’জ) আছিল ৫০৭১ নিযুত ৷ , যাৰ অৰ্থ হ’ল প্ৰতি ১০০০ জনসংখ্যাৰ বিপৰীতে ডিডিডইৰ ব্যৱহাৰ প্ৰতিদিনে ১০.৪ নিযুত । এজিথ্ৰ’মাইচিন হৈছে সৰ্বাধিক ব্যৱহাৰ কৰা এন্টিবায়টিক ৷ তদুপৰি চেফিক্সিম এণ্টিবায়’টিক দেশত দ্বিতীয় সর্বোচ্চ ব্যৱহাৰ কৰা হয় ৷ ভাৰতত ১০৯৮টা ইউনিক ফৰ্মুলেচন আৰু ১০,১০০টা ইউনিক প্ৰডাক্ট (ব্ৰেণ্ড) এন্টিবায়টিক আছে।