উত্তৰ প্ৰদেশৰ বৰেলী জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিষয়াসকলৰ বাবে নির্ধাৰণ কৰি দিয়া হৈছে পোছাক ৷ জিন্স আৰু টি-চাৰ্ট পিন্ধি কার্যালয়লৈ আহিব নোৱাৰিব দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিষয়াসকলে । চৰকাৰী সাজ-পোছাকৰ নিয়ম উলংঘা কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিয়ে।
জিলা দণ্ডাধীশ শিৱকান্ত দ্বিবেদীয়ে কয় -“চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকলে ফর্মেল সাজ-পোছাক পৰিধান কৰি কার্যালয়লৈ আহিব লাগিব , যাতে তেওঁলোকক বিষয়াৰ দৰে দেখা যায়। কার্যালয়ৰ বাহিৰত কেজুৱেল সাজপোচাক পিন্ধিব পাৰিব। ড্ৰেছ কোড সন্দৰ্ভত কেইবাবাৰো লিখিত নিৰ্দেশ জাৰি কৰা হৈছিল। কৰ্মচাৰীসকলক ফর্মেল সাজ-পোছাকত পৰিধান কৰি আহিবলৈ কোৱা হৈছে ৷ কাৰ্যালয়ত জিন্স আৰু টি-চাৰ্ট পৰিধান নকৰিবলৈ নির্দেশ দিয়া হৈছে ৷ “
প্ৰশাসনিক বিষয়া শিবেশ কুমাৰ গুপ্তাই এই নিৰ্দেশনাত একমত প্ৰকাশ কৰি কাৰ্যালয়লৈ কৰ্মচাৰীসকলে ফর্মেল পোচাক পৰিধান কৰি আহিবলৈ আহ্বান জনায় ৷ কোনো কাৰ্যালয়ত কৰ্তৃপক্ষই এনে নিৰ্দেশ জাৰি কৰাটো এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে উত্তৰাখণ্ড চৰকাৰেও একেধৰণৰ নিৰ্দেশনা জাৰি কৰিছিল।যোৱা বছৰ মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যৰ সচিবালয় আৰু চৰকাৰী কার্যালয়ত কর্মচাৰীসকলক কেজুৱেল পিন্ধা নিষিদ্ধ কৰিছিল৷
২০২১ চনত কেন্দ্ৰীয় তদন্ত ব্যুৰোৰ সঞ্চালক সুবোধ কুমাৰ জয়ছৱালে সকলো বিষয়াই ফর্মেল সাজ-পোছাক পৰিধান কৰি কাৰ্যালয়লৈ অহাটো বাধ্যতামূলক কৰিছিল। যোৱা বছৰ চিবিআইৰ সঞ্চালকগৰাকীয়ে ঘোষণা কৰিছিল যে কোনো ধৰণৰ জিন্স, টি-চাৰ্ট, স্প’ৰ্টছ শ্বু, চেপেল, কেজুৱেল সাজ-পোছাকৰ অনুমতি প্ৰদান কৰা নহ’ব ৷