গুৱাহাটীত এজাক বৰষুণত বাট-পথ ডুব যোৱাৰ কথা নতুন কথা নহয় যদিও দিনকদিনে এই সমস্যা বৃদ্ধি পোৱাৰ দৃশ্যই ব্যতিব্যস্ত কৰিছে মহানগৰবাসী সকলক ৷ সেয়েহে বহু সময়ত বিভিন্ন মাধ্যম যোগে বহুজনে সমস্যাসমূহৰ কথা অৱগত কৰিছে যদিও চৰকাৰ খনে তেনে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে মহানগৰবাসী ৷
এজাক ডাঙৰ বৰষুণতে কৃত্ৰিম বানপানীৰ সমস্যাত জীয়াতু ভোগা গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলৰ দুৰ্দশাৰ কথা কৈ এইবাৰ সামাজিক মাধ্যমত ক্ষোভ উজাৰি অহা নিৰ্বাচনত ভোট নিদিবলৈ ৰাইজক আহ্বান জনালে গুৱাহাটীৰ এগৰাকী লেখিকা তথা সমাজকৰ্মী বৰ্ণালী নেওগে ৷ মংগলবাৰে সন্ধিয়া মুষলধাৰ বৰষুণৰ ফলত হঠাতে হোৱা বানপানীৰ ফলত মহানগৰবাসীৰ লগতে তেওঁ নিজেও যি সমস্যাৰ সন্মূখীন হ’ল তাৰবাবেই এনেকৈ ক্ষোভ উজাৰিলে মহিলাগৰাকীয়ে ৷
তেওঁ কয় যে কেইবাদিনো মহানগৰীৰ পথত এনে ভয়াবহ পৰিস্থিতিৰ সন্মূখীন হৈ কোনোমতেহে ঘৰ পাইছিলগৈ তেওঁ ৷ এইয়া চৰকাৰৰ খনৰ চৰম ব্যৰ্থতা বুলি শাসনাধিস্থিত চৰকাৰখনক দোষাৰোপ কৰি তেওঁ পুনৰ কয় যে মহানগৰৰ এই অবিস্মৰণীয় ভয়ংকৰ ৰূপ দেখাৰ পিছত ,এই দিনটোৰ কথা ভাবিয়েই তেওঁ অহা নিৰ্বাচনত ভোটদান কৰাৰ পৰা বিৰত থাকিব ,লাগিলে তেওঁলোক যি ৰাজনৈতিক দলৰেই প্ৰাৰ্থী নহওঁক কিয় ৷ লগতে তেওঁ মহানগৰবাসীকো ভোট দান নকৰিবলৈ আহ্বান জনালে ৷
অৱশ্যে তেওঁৰ দৰে সাহসী আৰু সচেতন লোকসকলে সামাজিক মাধ্যমযোগে চৰকাৰখনক আহ্বান জনোৱাৰ পিছতো কি ভূমিকা গ্ৰহণ কৰে শাসনাধিস্থিত চৰকাৰখনে সেয়া সময়ত লক্ষণীয় হ‘ব !