১৯৫২চনতে কৃতি শিক্ষক হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল অসমৰ এগৰাকী শিক্ষকে ৷ সমগ্ৰ ৰাজ্যৰ গৌৰৱ এইজনা মহান শিক্ষকে শিক্ষাৰ পোহৰ বিলাই সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷
তেওঁ আছিল পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় হৰেন্দ্ৰনাথ শৰ্মা। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতৰ পৰা ১৯৫২ চনতে কৃতি শিক্ষক হিচাপে বঁটা গ্ৰহণ কৰি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰা এইজনেই হ’ল এগৰাকী কৃতি শিক্ষক হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথমজন অসমীয়া ।
উল্লেখযোগ্য যে তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তি স্বৰ্গীয় হৰেন্দ্ৰনাথ শৰ্মাই কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত বৰাক উপত্যকাৰ ভিতৰতে সৰ্বোচ্চ স্থান লাভ কৰি বৃটিছ চৰকাৰৰ লোভনীয় চাকৰিৰ মোহ ত্যাগ কৰি নিজৰ জন্মস্থান বজালী (পাটাছাৰকুছি) অঞ্চলৰ শৈক্ষিক পৰিবেশ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰি ঐতিহ্যমণ্ডিত পাটাছাৰকুছি বিদ্যাপীঠ স্হাপন কৰিছিল ৷
অসমৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ ৰ’ল শিক্ষকতা বৃত্তিত ব্ৰতী হৈ থাকি নিস্বাৰ্থ ভাৱে অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা এই গৰাকী স্বনামধন্য ব্যক্তিৰ নাম ৷