আজি ‘সুধাকণ্ঠ’ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়াত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰকৰ, সাংবাদিক তথা বিশ্ববিদ্যালয়ৰ শিক্ষক । তেওঁ বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰি আকাশবাণী গুৱাহাটীতো কৰ্মৰত আছিল । তেওঁ নাওবৈচা সমষ্টিৰ পৰা অসম বিধান সভাৰ সদস্যও হৈছিল । তদুপৰি এপেলেট বডী অব চেণ্ট্ৰেল বোৰ্ড অব ফিল্ম চেঞ্চৰ্ছৰ অধ্যক্ষ, জুৰী অব দ্য নেচনেল ফিল্ম এৱাৰ্ডৰ জুৰী মেম্বাৰ, সংগীত নাটক অধ্যক্ষ আদি বিভিন্ন পদত তেওঁ অধিষ্ঠিত হৈছিল । ১৯৯২ চনত তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰে । ১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন সন্মান মৰণোত্তৰভাৱে প্ৰদান কৰে । অসমৰ সাংস্কৃতিক আকাশৰ তেওঁ ভোটাতৰা সদৃশ । বৰেণ্য ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ তথা বুদ্ধিজীৱী যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ওপজা দিন । ১৯৫০ চনৰ আজিৰ দিনটোতে জখলাবন্ধাত তেওঁৰ জন্ম হৈছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভেৰে স্বৰ্ণ পদক প্ৰাপ্ত বৰগোহাঞিয়ে হাউলীৰ বি এইছ কলেজ আৰু যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত অধ্যাপনা কযাৰ পিছত ১৯৯০ চনত দৈনিক জনমভূমি কাকতৰ সম্পাদকৰ দায়িত্ব লয় । পিছলৈ তেওঁ নতুন দৈনিক, সাপ্তাহিক পূৰ্বদেশ, সমকাল আদি কাকত-আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ প্ৰাগ নিউজৰো মুখ্য সম্পাদক আছিল । তেওঁ অসমৰ অৰ্থনৈতিক ইতিহাস, অসমৰ উৎসৱ আৰু পূজা আদি গ্ৰন্থৰ উপৰি অনেক গল্প সংকলন, কবিতা পুথি, উপন্যাস, অনূদিত গ্ৰন্থ, নাটক আদি অসমীয়া সাহিত্যৰ ভঁৰাললৈ বৰঙণি দি থৈ গৈছে । ২০০৯ চনত তেওঁ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে । বৰেণ্য ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।