মেক ইন ইণ্ডিয়া –প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অভিলাষী প্ৰকল্প ৷ স্বদেশী বস্তুৰ ব্যৱহাৰ আৰু থলুৱাভাৱে উংপাদনত এই নীতিৰ আধাৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷ আন বিভিন্ন ক্ষেত্ৰৰ লগতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মোদীয়ে মেক ইন ইণ্ডিয়া নীতিক প্ৰাধান্য দিছে ৷ যাৰ ফলত ব্যাপক অস্ত্ৰ সংকটৰ দিশে আগবাঢ়িছে ভাৰতৰ তিনিওটা সৈন্যবাহিনী ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত চীন আৰু পাকিস্তানৰ পৰা অহা নিৰন্তৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতক৷
বর্তমান ভাৰতৰ বায়ুসেনা, সেনা আৰু নৌসেনাই পুৰণি অস্ত্ৰ-শস্ত্ৰৰ ঠাইত কিছুমান জটিল অস্ত্ৰ-শস্ত্ৰ ব্যৱস্থা আমদানি কৰিব নোৱাৰে বুলি বিষয়াসকলে কয়। যাৰ বাবে ২০২৬ চনৰ ভিতৰত ভাৰতত হেলিকপ্টাৰৰ জটিল অভাৱ হোৱাৰ আশংকা কৰা হৈছে ৷ তদুপৰি ২০৩০ চনৰ ভিতৰত শ শ যুঁজাৰু বিমানৰ নাটনি হোৱাৰ আশংকা আছে বুলিও প্ৰকাশ পাইছে ৷
২০১৪ চনত ক্ষমতালৈ অহাৰ কিছু দিন পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে “মেক ইন ইণ্ডিয়া” নীতি উন্মোচন কৰে ৷ ভাৰতত মোবাইল ফোনৰ পৰা যুঁজাৰু বিমানলৈকে সকলো নিৰ্মাণ কৰি চাকৰিৰ সৃষ্টি আৰু বৈদেশিক মুদ্ৰাৰ বহিঃপ্ৰবাহ হ্ৰাস কৰাৰ লক্ষ্যৰে এই নীতি প্ৰৱর্তণ কৰা হৈছিল ৷কিন্তু আঠ বছৰৰ পাছতো বিশ্বৰ আটাইতকৈ বেছি সামৰিক হাৰ্ডৱেৰ আমদানিকাৰী দেশ ভাৰতে এতিয়াও নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ স্থানীয়ভাৱে পৰ্যাপ্ত অস্ত্ৰ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই ৷ সমান্তৰালভাৱে চৰকাৰী নিয়মে এনে অস্ত্ৰ শস্ত্ৰ আমদানি কৰাত বাধাৰ সৃষ্টি কৰিছে।
২০২০ চনত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষৰ পিছত পাকিস্তান আৰু চীনৰ পৰা অধিক বিপদৰ সন্মুখীন হোৱাৰ সময়তে ভাৰতৰ সামৰিক প্ৰস্তুতি অধিক অৱনতি ঘটিবলৈ সাজু হৈছে। চীন সীমান্তত আগ্ৰাসন ৰোধ কৰিবলৈ ভাৰতক স্থলভাগত দুগুণ সৈন্যৰ প্ৰয়োজন হ’ব বুলি বিশেষজ্ঞ মহলে প্ৰকাশ কৰিছে ৷
ভাৰতৰ সামৰিক বাহিনীয়ে কিছুমান প্ৰতিৰক্ষা সামগ্ৰীৰ স্থানীয় ক্ৰয় বৃদ্ধি কৰিলেও দেশত এতিয়াও ডিজেল বৈদ্যুতিক চাবমেৰিন আৰু দ্বৈত ইঞ্জিনযুক্ত যুঁজাৰু বিমান উৎপাদন কৰা হোৱা নাই। বিশেষকৈ বায়ুসেনাৰ সৈতে পৰিস্থিতি ভয়াৱহ। ২০৩০ চনৰ ভিতৰত ভাৰতীয় বায়ুসেনাৰ হাতত ৩০টাতকৈও কম যুঁজাৰু স্কোয়াড্ৰন থাকিব পাৰে ৷ যিটো প্ৰয়োজনতকৈ যথেষ্ট কম ৷ তদুপৰি তেতিয়ালৈ ভিতৰত বায়ুসেনাই প্ৰায় আধা ডজন স্ক্ৱাড্ৰন প্ৰত্যেকতে ১৬ৰ পৰা ১৮খন যুঁজাৰু বিমানকে ধৰি উৰণ বন্ধ কৰিব লাগিব ৷ কাৰণ এই স্কৱাড্নসমূহৰ উৰণ জীৱনৰ অন্ত পৰিব ৷
বেংগালুৰুস্থিত চৰকাৰী প্ৰতিৰক্ষা নিৰ্মাতা কোম্পানী হিন্দুস্তান এৰ’নটিক্স লিমিটেডে প্ৰতি বছৰে মাত্ৰ আঠখন থলুৱা তেজছ যুঁজাৰু বিমানহে উৎপাদন কৰিব পাৰে বুলি বিষয়াসকলে জনায় ৷ তেওঁলোকে লগতে কয় যে ২০২৬ চনৰ ভিতৰত কোম্পানীটোৱে উৎপাদন ক্ষমতা দুগুণ কৰাৰ পৰিকল্পনা কৰিছে যদিও ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ ফলত যোগান শৃংখলত ব্যাঘাত জন্মি অহাৰ বাবে সেয়া সম্ভৱপৰ নহ’ব পাৰে ৷
হেলিকপ্টাৰ আন এক সমস্যা। বায়ুসেনা, স্থলসেনা আৰু নৌসেনাই এতিয়াও ডেৰ শতিকাৰো অধিক পূৰ্বে ফ্ৰান্সত ডিজাইন আৰু নির্মাণ কৰা ১৯৭০ চনত ক্ৰয় কৰা লঘু হেলিকপ্টাৰৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন বিষয়াই জনোৱা মতে, ভাৰতৰ প্ৰায় ৮০% হেলিকপ্টাৰৰ বহৰে ইতিমধ্যে ৩০ বছৰৰ আয়ুসকাল অতিক্ৰম কৰিছে।
২০৩০ চনৰ শেষৰ পূৰ্বে ঘৰুৱাভাৱে নিৰ্মিত লঘু হেলিকপ্টাৰ সাজু হোৱাৰ সম্ভাৱনা নাই যদিও ২০২৬ চনৰ ভিতৰত সেনাৰ অধিকাংশ একক ইঞ্জিনযুক্ত হেলিকপ্টাৰৰ উৰন বন্ধ হ’ব ৷ ৰাছিয়াৰ কামোভ-২২৬টি হেলিকপ্টাৰ নিৰ্মাণৰ পৰিকল্পনা এতিয়াও বাস্তৱায়িত হোৱা নাই কাৰণ খৰচ আৰু অন্তৰ্ভুক্ত কৰিবলগীয়া থলুৱা উপাদানৰ পৰিমাণৰ ওপৰত মতানৈক্যৰ অন্ত পৰা নাই ।
এজন বিষয়াই জনোৱা মতে, যোৱা বছৰ ভাৰতীয় সেনাই প্ৰতিৰক্ষা মন্ত্ৰালয়ক মোদীৰ আমদানি নিষেধাজ্ঞাক আওকাণ কৰি কেইডজনমান অতি প্ৰয়োজনীয় ইউটিলিটি হেলিকপ্টাৰ ক্ৰয় কৰিবলৈ পৰামৰ্শ দিছিল।
পুৰণা হেলিকপ্টাৰৰ বাবে বহু জোৱানে প্ৰাণ হেৰুৱাইছে ৷ যোৱা ডিচেম্বৰলৈকে সংসদৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা সামৰিক হেলিকপ্টাৰৰ সৈতে জড়িত দুৰ্ঘটনাত ৩১ জন জোৱান নিহত হোৱাৰ লগতে আন ১৯ জন আহত হৈছে।
ঘৰতে উৎপাদিত সঁজুলি ব্যৱহাৰ কৰিবলৈ ঠেলি দিয়াৰ বাবেও সমস্যাৰ সন্মুখীন হৈছে নৌসেনা। চাৰি দশক পূৰ্বে ক্ৰয় কৰা সীমিত সংখ্যক হেভিৱেট টৰ্পিডোৰ ওপৰত ভাৰতৰ চাবমেৰিন বহৰ নিৰ্ভৰশীল।
প্ৰতিৰক্ষা আৰু উন্নয়ন গৱেষণা সংস্থাই (ডি আৰ ডি অ’) ছাবমেৰিন লঞ্চ কৰা, গধুৰ ওজনৰ টৰ্পিডো নিৰ্মাণৰ পৰিকল্পনাত কাম কৰি আছে যদিও কেতিয়া ব্যৱহাৰৰ বাবে সাজু হ’ব তাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই।
নতুন দিল্লীৰ স্বতন্ত্ৰ প্ৰতিৰক্ষা বিশ্লেষক ৰাহুল বেদীয়ে কয় যে বিশ্বমানৰ অস্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে কোটি কোটি ডলাৰৰ বিনিয়োগ আৰু বছৰ বছৰ ধৰি গৱেষণাৰ প্ৰয়োজন। বেদীয়ে কয় যে প্ৰতিৰক্ষাৰ বাবে মেক ইন ইণ্ডিয়াক সঠিকভাৱে চিন্তা কৰা হোৱা নাই।এয়া এটা ভাল শ্লোগান, ইয়াৰ বাহিৰে এতিয়ালৈকে দেখুৱাবলগীয়া বিশেষ একো কৰিবলৈ সক্ষম হোৱা নাই ৷