আজি অসমীয়াৰ প্ৰাণৰ শিল্পী সুধাকণ্ঠৰ ৯৬ সংখ্যক ওপজা দিন ৷ অসমীয়াৰ আৱেগ ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ ওপজা দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন কার্যসূচীৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ মাজতে গুগল ডুদলত স্থান দি মহান শিল্পী গৰাকীলৈ শ্ৰাদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ৷ গুগলৰ মুল পেজত ডিঙিত গামোচা লৈ হাৰমণিয়াম বজাই মাইক্ৰ’ফোনৰ সন্মুখত গীত গাই থকা এখন ছবি অংকন কৰি গুগল ডুদলৰ জৰিয়তে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ৷ এয়া নিশ্চয়কৈ মহান শিল্পী গৰাকীৰ প্ৰতি প্ৰদর্শন কৰা এক বিৰল সন্মান হিচাপে বিবেচিত হৈছে ৷ পৃথিৱীৰ যিকোনো স্থানত গুগল খোলাৰ লগে লগে আজি জিলিকি উঠিব মহান শিল্পী গৰাকীৰ বিশেষ ছবিখন ৷ তেওঁৰ বিষয়ে নজনা লোকেও গুগল ডুদলৰ ছবিখনত ক্লিক কৰাৰ লগে লগে উইকেপেডিয়াৰ লিংক পেজ খোল খাই যাব ৷ যাৰ জৰিয়তে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী গৰাকীৰ জীৱন বৃত্তান্তৰ বিষয়ে জানিব পাৰিব যিকোনো ব্যক্তিয়ে ৷
ইপিনে আজি ওপজা দিনটোত প্ৰিয় শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ জালুকবাৰীৰ সমাধিস্থলীলৈ আগমণ ঘটে সহস্ৰাধিক অনুৰাগীৰ ৷ তদুপৰি দীঘলী পুখুৰী পাৰত আছুৱে আয়োজন কৰিছে সুঠাকণ্ঠৰ ওপজা দিনৰ বিশেষ কার্যসূচী ৷