তিহাৰ কাৰাগাৰৰ এজন কয়দীৰ পেটৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি দুটা মোবাইল উদ্ধাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ চিকিৎসকে প্ৰকাশ কৰা অনুসৰি কয়দী জনৰ পেটত এতিয়াও আছে আন দুটা মোবাইল ৷ উক্ত মোবাইল দুটা উদ্ধাৰৰ বাবে আন এটা অস্ত্ৰপোচাৰৰ প্ৰয়োজন হ’ব ৷
কিন্তু কেনেদৰে কয়দীজনৰ পেটত সোমাল দুটাকৈ মোবাইল ? সংশ্লিষ্ট কতৃপক্ষৰ তদন্তত পোহৰলৈ আহিছে সেই তথ্যও ৷ ঘটনাৰ বিবৰণী অনুসৰি বিভিন্ন অপৰাধত অভিযুক্ত কয়দীজনক তিহাৰ কাৰাগাৰৰ ১ নম্বৰ কাৰাগাৰত ৰখা হৈছিল ৷ শেহতীয়াকৈ তেওঁক কিছুদিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হৈছিল ৷ কাৰাগাৰৰ পৰা গৈ শহজে ধন ঘটাৰ এটা নতুন উপায় তেওঁৰ মনলৈ আহে ৷ পুনৰ কাৰাগাৰলৈ ওভতি আহি কয়দীক মোবাইল বিক্ৰী কৰি ধন ঘটাৰ পৰিকল্পনা কৰে তেওঁ ৷ কিন্তু মোবাইল কিদৰে আনিব কাৰাগাৰৰ ভিতৰলৈ ? বিভিন্ন পৰিকল্পনা কৰি কয়দীজনে মোবাইল গিলি পেটৰ ভিতৰত লৈ কাৰাগাৰলৈ অহাৰ চিন্তা কৰে ৷ যাতে সুৰক্ষা কর্মীয়ে তেওঁক ধৰা পেলাব নোৱাৰে ৷ পৰিকল্পনা মতেই তেওঁ ৫ চে.মিতকৈ কম ৪টা মোবাইল গিলি পেলায় ৷ ইয়াৰ পাছতে পেৰ’লৰ পৰা কাৰাগাৰলৈ ওভতি আহে কয়দীজন ৷
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, কাৰাবন্দীজনে পুনৰ কাৰাগাৰলৈ অহাৰ পিছত পেটৰ পৰা মোবাইলকেইটা উলিয়াই আনিবলৈ দুই-তিনি দিনলৈকে সকলো ধৰণৰ চেষ্টা চলায় ৷ কিন্তু তেওঁ বিফল হয় ৷ লগে লগে তেওঁ পেটৰ বিষত আক্ৰান্ত হয় ৷ মৃত্যু হোৱাৰ ভয়ত কয়দীজনে কৰ্তৃপক্ষক তেওঁৰ পেটত ৪ টা মোবাইল থকা বুলি অৱগত কৰে ৷ প্ৰথমে কোনোৱে তেওঁক বিশ্বাস কৰা নাছিল ৷ ইয়াৰ বিপৰীতে তেওঁ বাৰে বাৰে চাৰিটা ফোন গিলি পেলোৱা বুলি কৈ অহাত ডাক্তৰৰ ওচৰলৈ লৈ যায় ৷ পৰৱৰ্তী সময়ত কয়দীজনক ততাতৈয়াকৈ দীন দয়াল উপাধ্যায় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ য’ত চিকিৎসকে এণ্ড’স্কপি কৰি তেওঁৰ পেটত এটাতকৈ অধিক ফোন থকা বুলি নিশ্চিত হয় ৷