অসমৰ ডুমডুমাৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী ৰাজেন খাউণ্ডৰ অৱস্থা বৰ্তমান অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকসকলে জানিবলৈ দিয়া মতে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত ভেন্টিলেচনত ৰখা হৈছে শিল্পী গৰাকীক ।শিল্পীগৰাকীৰ হাতৰ পৰশত মৰহা ফুলেও যেন প্ৰাণ পাই উঠে৷ যাদু আছে তেওঁৰ ৰং তুলিকাত ৷ যি তেওঁৰ শিল্প কৰ্মৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সমাদৃত ৷ কিন্তু বৰ্তমান সময়ত শিল্পীগৰাকীৰ চিকিৎসা যথেষ্ট ব্যয়বহুল হৈ পৰিছে আৰু শেহতীয়াকৈ পোৱা খবৰ অনুসৰি এই খৰছ বহন কৰিব পৰাকৈ তেওঁৰ পৰিয়াল অসমৰ্থ হৈ পৰা বুলি জানিব পৰা গৈছে ।
অৱশেষত উপায়ন্তৰ হৈ অসমবাসী ৰাইজক আৰ্থিক সাহাৰ্যৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে তেওঁৰ পৰিয়ালৰ লোকে ৷ অসমৰ চিত্ৰকলাৰ জগতখনলৈ বিশেষ ভাৱে বৰঙনি আগবঢ়োৱা এই বিশিষ্ট শিল্পী গৰাকীৰ জীৱন আৰু মৃত্যুৰ দোমাজাত প্ৰয়োজন হৈছে ৰাইজৰ সহায়-সহযোগিতা আৰু প্ৰাৰ্থনাৰ ৷
পৰিয়ালৰ অনুমতি সাপেক্ষে তেওঁৰ বেংক একাউন্টৰ সৱিশেষ জনোৱা হ’ল
Bank State Bank of India
Branch Borhapjan.
A/C no 11288631924
IFSC. SBIN0007383
Name Rajen Khaund.