’অসমীয়া প্ৰতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক জাৰ্ণালিষ্ট ইউনিয়ন অব আসামৰ(জুৱা) বঙাইগাঁও জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছে৷ খোদ মহানগৰীতে সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক৷ সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ আক্ৰমণকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ জুৱাই সজোৰে দাবী জনাইছে৷ আনহাতে দুৰ্বৃত্তক শাস্তি প্ৰদানৰ সলনি ওলোটাই ভুক্তভোগী সাংবাদিকগৰাকীকহে আৰক্ষীয়ে দোষী সজোৱা কাৰ্যকো জুৱাই ধিক্কাৰ দিছে৷ সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জুৱাই লগতে চৰকাৰক দাবী জনাইছে ৷