ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ খুবেই প্ৰয়োজন। টোপনি ভাল হ’বলৈ আমি কিছুমান নিয়ম মানি চলিবই লাগিব–
১) সদায় একেটা সময়ত ৰাতি বিছনালৈ যোৱা আৰু ৰাতিপুৱা একেটা সময়ত বিছনা ত্যাগ কৰাৰ অভ্যাস কৰিব লাগে। দিনত শোৱাৰ অভ্যাস নকৰাই ভাল।
২) শোৱা বিচনা খন সদায় আৰামদায়ক হ’ব লাগে। শোৱাৰ বাহিৰে বিচনাখন আন কোনো কামত ব্যৱহাৰ কৰিব নালাগে।
৩) শোৱা কোঠাটো নিজান আৰু আন্ধাৰ হ’ব লাগে। বতাহ ওলোৱা সোমোৱাৰ ব্যৱস্থা থাকিব লাগে।
৪) দিনৰ ভাগত যথেষ্ট শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়াম কৰিব লাগে।
৫) শোৱাৰ আগতে বেছি আহাৰ খাব নালাগে। গুৰুপাকী আহাৰ , চাহ , কফি , মদ আদি খোৱা উচিত নহয়।
৬) বিছনালৈ যোৱাৰ আগতে যোগাসন , ধ্যান বা ব্যায়াম কৰিব লাগে।
৭) টোপনি নাহিব বুলি দুচিন্তা কৰি থাকিব নালাগে। বিচনাত পৰি দিনটোৰ সমস্যাবোৰৰ কথা চিন্তা কৰি থাকিব নালাগে আৰু কেইটা বাজিল বাৰে বাৰে ঘড়ী চাই থাকিব নালাগে।
এই নিয়মবোৰ মানি চলিলে আমি নিশ্চয় এটি সুন্দৰ টোপনিৰে এটা সুন্দৰ জীৱনৰ অধিকাৰী হৈ থাকিব পাৰিম।