এইবাৰ ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দীঘলীয়া তালিকাখনত অন্তৰ্ভূক্ত হ’ল ভাৰতীয় মূলৰ আন এগৰাকী ব্যক্তিৰ নাম ৷ তেওঁ হ’ল দেৱিকা বুলচান্দানি ৷ গোলকীয় বিজ্ঞাপন আৰু জনসম্পৰ্ক সংস্থা অগিলভিয়ে শেহতীয়াকৈ ভাৰতত জন্মগ্ৰহণ কৰা দেৱিকা বুলচান্দানীক সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে মনোনীত কৰিছে।
মুখ্য কাৰ্যবাহী বিষয়া হিচাপে তেওঁ সংস্থাটোৰ ৯৩ খন দেশৰ ১৩১ টা কাৰ্যালয়ত এই সৃষ্টিশীল নেটৱৰ্কৰ ব্যৱসায়ৰ সকলো দিশৰ দায়িত্ব পালন কৰাৰ লগতে ইয়াৰ বিজ্ঞাপন, জনসম্পৰ্ক, অভিজ্ঞতা, পৰামৰ্শ আৰু স্বাস্থ্যসম্পৰ্কীয় গোটবোৰ সম্প্ৰসাৰিত কৰিব ।ডব্লিউপিপিৰ অংশ, অগিলভি হৈছে বিশ্বব্যাপী থকা এক আগশাৰীৰ বিপণন আৰু যোগাযোগ গোট । আনহাতে সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে যোগদান কৰাৰ পিছত তেওঁ ডব্লিউপিপিৰ কাৰ্যকৰী সমিতিতো যোগদান কৰিব দেৱিকাই ৷
ডব্লিউপিপিৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক ৰিডে দেৱিকাৰ প্ৰশংসা কৰি কয় যে দেৱিকা হৈছে সৃষ্টিশীলতাৰ এগৰাকী চেম্পিয়ন, যি আবেগ, উদ্দেশ্য আৰু তেওঁ কৰা সকলো কামতে প্ৰভাৱ সৃষ্টি কৰাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে গুৰুত্ব আৰোপ কৰে ৷ উদ্যোগটোৰ প্ৰতি তেওঁৰ প্ৰেম, গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ গভীৰ বুজাবুজি আৰু সংস্থা আৰু ব্ৰেণ্ডৰ বিকাশৰ বাবে তেওঁ ‘অগিলভি’ক আৰু অধিক সফলতা প্ৰদান কৰিবলৈ সমৰ্থ হ’ব ৷
ভাৰতৰ অমৃতসৰত জন্মগ্ৰহণ কৰা বুলচান্দানি হৈছে ‘মেককেন’ত নেতৃত্বৰ ভূমিকাত ২৬ বছৰ অতিবাহিত কৰা এগৰাকী সুযোগ্য ব্যক্তি ৷ বিভিন্ন ক্ষেত্ৰত বিশ্বব্যাপী বহুজাতিক কোম্পানীত নেতৃত্বৰ ভূমিকা লোৱা কেইবাজনো ভাৰতীয় বংশোদ্ভূত বিষয়াৰ ভিতৰত শেহতীয়া গৰাকী হ’ল দেৱিকা বুলচান্দানি ।
উল্লেখযোগ্য যে ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দীঘলীয়া তালিকাখনত আছে মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলা, এডোবৰ মুখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰয়েন, এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই, টুইটাৰ মুৰব্বী পৰাগ আগৰৱাল, চেনেলৰ লীনা নায়াৰ আৰু আইবিএম গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া অৰবিন্দ কৃষ্ণা। যোৱা সপ্তাহত ষ্টাৰবাকছে ভাৰতীয় মূলৰ লক্ষ্মণ নৰসিংহনকো ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে । আনফালে এই তালিকাত এইবাৰ একেবাৰে শেহতীয়াকৈ অন্তৰ্ভূক্ত হ’ল দেৱিকা বুলচান্দানিৰ নাম ৷