ব্ৰিটেইনৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে সিংহাসনত অধিষ্ঠিত হৈ থাকি বিশ্ব অভিলেখ ৰচনা কৰা ৰাণী এলিজাবেথে কটাইছিল এক বিলাসী জীৱন ৷ বার্কিংহাম পেলেচত বাস কৰা ৰাণী এলিজাবেথ আছিল কোটি কোটি টকাৰ সম্পত্তিৰ মালিক ৷ ব্ৰিটেইনৰ ৰাজপৰিয়াল হিচাপে তেওঁলোক হিচাপবিহীন সম্পত্তিৰ অধিকাৰী যদিও ৰাণীৰ আছিল কেইবাকোটি টকাৰ ব্যক্তিগত সম্পত্তি ৷ তদুপৰি তেওঁৰ জীৱনশৈলী আছিল আকর্ষণীয় ৷ জানো আহকচোন কালি দেহাৱসান ঘটা ৰাণী গৰাকীৰ কিছু নজনা কথা
ৰাণীয়ে প্ৰতিদিনে পুৱা সাত ইঞ্চি পানীত গা ধুইছিল
আচহুৱা যেন লাগিলেও এয়াই সত্য ৷ প্ৰকৃতার্থত তেওঁ আছিল নির্দ্দিষ্ট নীতি নিয়মেৰে মাজেৰে চলা মহিলা। প্ৰতিদিনে ৰাতিপুৱা তেওঁ চাহ সেৱন কৰাৰ সময়তে গা ধোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে পৰিচাৰিকাই ৷ ৰাণীৰ প্ৰাক্তন ব্যক্তিগত সহায়িকা এঞ্জেলা কেলিয়ে প্ৰকাশ অনুসৰি তেওঁ গা ধোৱা পানী সঠিক উষ্ণতাৰ হ’ব লাগিব ৷ কাঠৰ আৱৰণযুক্ত থাৰ্মোমিটাৰৰ সহায়ত তেওঁ গা ধোৱাৰ পূর্বে পানীৰ উষ্ণতা পৰীক্ষা কৰা হয় ৷ তেওঁ গা ধোৱা পাবী সাত ইঞ্চিতকৈ অধিক হ’ব নোৱাৰিব ৷
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাণীয়ে স্বেচ্ছাই ট্ৰাক চালক হিচাপে কাম কৰিছিল
পিতৃৰ পৰা সিংহাসন গ্ৰহণ কৰাৰ আগতে তেতিয়াৰ ৰাজকুমাৰী এলিজাবেথে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ট্ৰাক চালক আৰু মেকানিক হিচাপে স্বেচ্ছাই কাম কৰিছিল ৷ যাৰ ফলত তেওঁ সামৰিক বাহিনীত সেৱা আগবঢ়োৱা ৰয়েল ফেমিলিৰ প্ৰথমগৰাকী মহিলা সদস্য হিচাপে বিবেচিত হৈছিল ৷
ৰাণীৰ আছিল ব্যক্তিগত এটিএম
ৰাণীক নগদ ধনৰ প্ৰয়োজন প্ৰায় নাই বুলি ক’লেও ভুল কৰা নহ’ব যদিও বাকিংহাম পেলেচৰ ভূমিমহলাত তেওঁৰ এটা ব্যক্তিগত এটিএম আছিল। কাউটছ বেংকৰ সৌজন্যত এই এটিএমটো কেৱল ৰাজ পৰিয়ালৰ সদস্যৰ বাবেহে স্থাপন কৰা হৈছিল । তেওঁৰ বাবে বেংকিং সেৱা বিনামূলীয়া ৷
গাড়ী চলাবলৈ ৰাণীক নালাগে ড্ৰাইভিং লাইচেন্স
দৰাচলতে ব্ৰিটেইনৰ ৰাজহুৱা পথত গাড়ী চলাবলৈ হ’লে ড্ৰাইভিং লাইচেন্স প্ৰয়োজন নথকা একমাত্ৰ ব্যক্তিজনেই আছিল ৰাণী এলিজাবেথ ৷ কেৱল সেয়াই নহয়, ৰাণীৰ হাতত নাছিল পাছপ’ৰ্ট ৷ তেওঁ পাছপর্ট নোহোৱাকৈয়ে যিকোনো দেশ ভ্ৰমণ কৰিব পাৰিছিল ৷
২৮ বিলিয়ন ডলাৰৰ ৰিয়েল ইষ্টেট সম্পত্তি
ফৰ্চুনৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনলৈকে ৰাজপৰিয়ালৰ হাতত প্ৰায় ২৮ বিলিয়ন ডলাৰৰ ৰিয়েল এষ্টেট সম্পত্তি আছে ৷ অৱশ্যে এই সম্পত্তি বিক্ৰী কৰিব নোৱাৰে । ইয়াৰ ভিতৰত আছে –
দ্য ক্রাউন এষ্টেট: ১৯.৫ বিলিয়ন ডলাৰ
স্কটলেণ্ডৰ ক্রাউন এষ্টেট: ৫৯২ মিলিয়ন ডলাৰ
বাকিংহাম পেলেচঃ ৪.৯ বিলিয়ন ডলাৰ
দ্য ডাচি অৱ কৰ্ণৱাল: ১.৩ বিলিয়ন ডলাৰ
দ্য ডাচি অৱ লেংকেষ্টাৰ: ৭৪৮ মিলিয়ন ডলাৰ
কেনচিংটন পেলেচ: ৬৩০ মিলিয়ন ডলাৰ
ৰাণী এলিজাবেথৰ ব্যক্তিগত সম্পত্তি
ৰাণী এলিজাবেথৰ ৫০ কোটি ডলাৰতকৈ অধিক ব্যক্তিগত সম্পত্তিৰ অধিকাৰী ৷ তেওঁৰ মৃত্যু হোৱাৰ লগে লগে এই ব্যক্তিগত সম্পত্তিৰ বেছিভাগৰেই ৰাজকুমাৰ চাৰ্লছ অধিকাৰী হ’ব ৷২০০২ চনত ৰাণীৰ মাতৃৰ মৃত্যুৰ সময়ত তেওঁ প্ৰায় ৭ কোটি ডলাৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল ৷