দুবাৰকৈ অলিম্পিক পদক বিজয়ী ভাৰতৰ প্ৰথম শ্বাটলাৰ পি ভি সিন্ধুয়ে অতি সোনকালে আৰম্ভ কৰিব এখন প্ৰশিক্ষণ একাডেমী। দেশৰ যুৱ প্ৰজন্মক আগুৱাই নিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে এই তাৰকা শ্বাটলাৰ গৰাকীয়ে।
খেলুৱৈ গৰাকীয়ে অনুভৱ কৰে যে ক্ৰীড়া ক্ষেত্ৰত দেশৰ যুৱ প্ৰজন্ম বহুখিনি পিছ পৰি আছে। আৰু এইসকল যুৱ খেলুৱৈ্ক আগবঢ়াই নিবলৈ তেওঁ বিশাখাপট্টনমত এখন ক্ৰীড়া প্ৰশিক্ষণ একাডেমী আৰম্ভ কৰিব।
শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা মন্দিৰত উপস্থিত হোৱা খেলুৱৈ গৰাকীয়ে মন্দিৰৰ পৰা ওলাই আহি এই সন্দৰ্ভত কয় যে ”মই ৰাজ্য চৰকাৰৰ সমৰ্থনত যুৱ প্ৰজন্মৰ বাবে অতি সোনকালেই বিশাখাপট্টনমত এখন প্ৰশিক্ষণ একাডেমী আৰম্ভ কৰিম। আমাৰ দেশত বহুত যুৱক-যুৱতী খেলত পিছ পৰি আছে। কিয়নো তেওঁলোকক সঠিক দিক দৰ্শন কৰিবলৈ আৰু উৎসাহ দিবলৈ কোনো নাই।“
সাংবাদিকৰে হোৱা বাৰ্তালাপত খেলুৱৈ গৰাকীয়ে এইবুলিও কয় যে তেওঁ নিজক আৰু উন্নত কৰিব বিচাৰে। সেইবাবে অতীতৰ সন্মানৰ কথা চিন্তা কৰি জিৰণি নলয়।যিহেতু ২০২৪ ৰ পেৰিছ অলিম্পিকত তেওঁ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব বিচাৰে।
পেৰিছ অলিম্পিকত খেলুৱৈ গৰাকীয়ে নিজৰ ১০০% খেলাৰ প্ৰতিশ্ৰুতি দি কয় যে আমাৰ ওচৰত যথেষ্ট সময় আছে।বৰ্তমান মই সেই বিষয়ে চিন্তা কৰি আছো আৰু তাৰ বাবে যত্ন কৰি আছো।
উল্লেখযোগ্য যে সদ্য সমাপ্ত হোৱা টকিঅ‘ অলিম্পিকত সিন্ধুয়ে ব্ৰঞ্জৰ পদকৰ খেলখনত চীনৰ হি বিং জিয়াওক পৰাস্ত কৰি দেশ বাসীক দ্বিতীয় বাৰৰ বাবে পদক উপহাৰ দিবলৈ সক্ষম হৈছিল।