হাৰিয়ানাত গণেশ মূৰ্তি বিসৰ্জন অনুষ্ঠানৰ সময়তে সংঘটিত হয় অঘটন ৷ গণেশ মূর্তি বিসর্জনৰ সময়তে পানীত ডুবি মৃত্যুমুখত পৰে ৭ জন লোক ৷ ৰাজ্যখনৰ শোনীপাটৰ ৩ জন আৰু মহেন্দ্ৰগড়ত ৪ জন লোকৰ মৃত্যু হৈছে ৷ ৩১ আগষ্টৰ পৰা আৰম্ভ হোৱা ১০ দিনীয়া গণেশ চতুৰ্থীৰ অন্তত শুকুৰবাৰে বিসৰ্জন অনুষ্ঠানেৰে সামৰণি পৰে। বিশাল শোভাযাত্ৰাৰে জলাধাৰত ভক্তসকলে গণেশৰ মূর্তি বিসর্জন দিয়ে ৷
বিসর্জনৰ সময়তে শোনীপাটৰ মীমাৰপুৰ ঘাটত পুত্ৰ আৰু ভতিজাক লৈ মূৰ্তি বিসৰ্জনৰ বাবে যোৱা এজন লোকৰ ডুব গৈ মৃত্যু হয় ৷ ইফালে, মহেন্দ্ৰগড়ত কানিনা-ৰেৱাৰী পথত অৱস্থিত গাঁও ঝাগাদোলীৰ সমীপৰ জলাধাৰত গণেশৰ মূৰ্তি বিসৰ্জন কৰিবলৈ যোৱা প্ৰায় ৯ জন ব্যক্তি পানীৰ প্ৰবল সোঁতত উটি যায় ৷ গভীৰ নিশালৈকে চলা উদ্ধাৰ অভিযানৰ জৰিয়তে ৮ জন লোকক উদ্ধাৰ কৰা হয়। ইয়াৰে চাৰিজনৰ মৃত্যু ঘটে ৷
এই ঘটনাত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী এম এল খট্টৰে ৷ তেওঁ এক শোকবার্তাত কয় “এই কঠিন সময়ত আমি সকলোৱে মৃতকৰ পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছো ৷ এনডিআৰএফৰ দলে বহু লোকক ডুব যোৱাৰ পৰা ৰক্ষা কৰিছে ৷ তেওঁলোকৰ আশু আৰোগ্যৰ বাবে মই প্ৰাৰ্থনা কৰিছো ৷”