কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠান বিভিন্ন ৰাজ্যই পৰিহাৰ কৰা এক ক্ৰমবৰ্ধমান ধাৰাত পৰিণত হৈছে ৷ শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰা কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনত অংশগ্ৰহণৰ পৰা বিৰত থাকে ঝাৰখণ্ড আৰু বিহাৰ ৷ এই অনুষ্ঠানত আন সকলো ৰাজ্য চৰকাৰে অংশগ্ৰহণ কৰিছে ৷ অৱশ্যে বিহাৰ আৰু ঝাৰখণ্ডৰ অনুপস্থিতিৰ আনুষ্ঠানিক কাৰণ এতিয়াও প্ৰকাশ কৰা নাই ৷ কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় আৰু সহযোগিতা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে এই ধৰণৰ সন্মিলন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ৷
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বাহিৰেও এই সন্মিলনত শীৰ্ষস্থানীয় উদ্যোগপতি, যুৱ বিজ্ঞানী, উদ্ভাৱকসকল উপস্থিত থাকিব। আহমেদাবাদৰ বিজ্ঞান চহৰত আয়োজিত এই কনক্লেভত ডিজিটেল স্বাস্থ্যসেৱা, কৃষকৰ আয় উন্নত কৰাৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপ, শক্তি আদি বিভিন্ন বিষয়বস্তুৰ ওপৰত অধিবেশন অনুষ্ঠিত হ’ব।
উল্লেখ্য যে দুয়োখন বিহাৰ আৰু ঝাৰখণ্ডৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ মাজতে দুই ৰাজ্যই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিহাৰত বিজেপি আৰু শাসনাধিষ্ঠিত জেডিইউৰ মিত্ৰতা ভংগ হোৱাৰ সমান্তৰালকৈ ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তিমর্চাৰ চৰকাৰ ভংগ কৰিবলৈ বিজেপিয়ে চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে ইণ্ডিয়া গেটৰ সমীপত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ২৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি মুকলি অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত লৈছে ৷