দেশ বিভাজনৰ সময়ত পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ ৭৫ বছৰৰ পাছত কাৰতাৰপুৰৰ গুৰদ্বাৰা দৰবাৰ চাহাবত মিলিত হ’ল দুই ভাতৃ-ভগ্নী ৷ পাকিস্তানৰ পৰা অহা ভগ্নীক ৭৫ বছৰৰ পাছত দেখা পাই আৱেগিক হৈ পৰে জালন্ধৰৰ বাসিন্দা অমৰজিৎ সিঙ ৷ দেশ বিভাজনৰ সময়ত সিঙৰ মুছলমান পিতৃ-মাতৃ পাকিস্তানলৈ গুচি যায় ৷ সিঙক তেওঁৰ আন এজন ভনীয়েকৰ সৈতে ভাৰতত এৰি থৈ তেওঁৰ পিতৃ-মাতৃ পাকিস্তানলৈ গুচি গৈছিল ৷ তেতিয়াৰ পৰাই পৰিয়ালৰ পৰা বিছিন্ন হৈ পৰে সিং ৷
পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ কাৰতাৰপুৰৰ গুৰদ্বাৰা দৰবাৰ চাহাবত বুধবাৰে হুইল চেয়াৰত বহি থকা অমৰজিৎ সিঙে নিজৰ ভগ্নী কুলছুম আখতাৰক সাক্ষাৎ কৰাৰ সময়তে তাত উপস্থিত থকা সকলোৰে চকু সেমেকি উঠে ৷ ভগ্নীক সাক্ষাৎ কৰিবলৈ ভিছা লৈ আটাৰী-ৱাগা সীমান্ত অতিক্ৰম কৰি পাকিস্তানত উপস্থিত হয় সিঙে। ৬৫ বছৰীয়া কুলছুমে সিঙক দেখাৰ পিছত কান্দোনত ভাগি পৰে ৷ দুই ভাতৃ-ভগ্নীয়ে এজনে আনজনক সাৱটি ধৰি আৱেগিক হৈ পৰা দৃশ্যই সকলোৰে মন সেমেকাই তোলে ৷ কুলছুমে পুত্ৰ শ্বাহজাদ আহমেদৰ লগতে পৰিয়ালৰ আন সদস্যৰ সৈতে ফৈছালাবাদৰ গৃহ চহৰৰ পৰা ভাতৃক লগ কৰিবলৈ গুৰুদ্বাৰটোলৈ আহিছিল।
পাকিস্তানৰ এক্সপ্ৰেছ ট্ৰিবিউনৰ সৈতে হোৱা কথা-বতৰাত কুলছুমে কয় যে ১৯৪৭ চনত তেওঁৰ পিতৃ-মাতৃয়ে জালন্ধাৰৰ এখন উপকণ্ঠ অঞ্চলৰ পৰা পাকিস্তানলৈ প্ৰব্ৰজন কৰিছিল ৷ সেই সময়ত তেওঁৰ ভাতৃ আৰু এগৰাকী ভগ্নীক ভাৰততে তেওঁলোকে এৰি থৈ গৈছিল।কুলছুমে কয় যে তেওঁৰ জন্ম পাকিস্তানত হৈছিল আৰু বিছিন্ন হৈ পৰা ভাতৃ-ভনীয়েকৰ কথা মাকৰ মুখত শুনিছিল। নিৰুদ্দেশ হোৱা সন্তানৰ কথা মনত পৰিলেই মাক কান্দোনত ভাগি পৰিছিল বুলিও কুলছুমে কয় ৷
ভায়েক-ভনীয়েকক লগ পাব পাৰিব বুলি কেতিয়াও আশা কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় –“ কেইবছৰমান আগতে মোৰ পিতৃ চৰ্দাৰ দাৰা সিঙৰ এগৰাকী বন্ধু ভাৰতৰ পৰা পাকিস্তানলৈ আহিছিল ৷ তেওঁকো মই লগ পাইছিলো । মোৰ মায়ে চৰ্দাৰ দাৰা সিংহক ভাৰতত এৰি থৈ যোৱা কন্যা –পুত্ৰৰ বিষয়ে বিবৰী কয় ৷ গাঁৱৰ নাম আৰু ঘৰৰ স্থানো সকলো কথা তেওঁক মায়ে অৱগত কৰিছিল ৷ ইয়াৰ পিছতে চৰ্দাৰ দাৰা সিঙে পদাৱন গাঁৱৰ ঘৰত উপস্থিত হৈ মোৰ দাদা জীয়াই থকা বুলি জনাই ৷ অৱশ্যে তেওঁৰ লগত এৰি অহা জ্যেষ্ঠ ভগ্নীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ ভাতৃৰ তথ্য পোৱাৰ পিছত মই হোৱাটছএপত দাদাৰ সৈতে সংযোগ স্থাপন কৰিলো আৰু পিছত লগ পোৱাৰ সিদ্ধান্ত ললো ৷” কঁকালৰ তীব্ৰ বিষৰ মাজতো কুলছুমে কেৱল ভাতৃক লগ পাবলৈ কাৰতাৰপুৰলৈ যাত্ৰা কৰিছিল ৷ সিঙে এই সাক্ষাতৰ পাছত কয় যে তেওঁ নিজৰ পৰিয়ালকো ভাৰতলৈ লৈ যাব বিচাৰে ৷ যাতে তেওঁলোকে নিজৰ শিখ পৰিয়ালক সাক্ষাৎ কৰিব পাৰে।