শুৱালকুছিত অৱস্থিত জ্ঞানদ্বীপ একাডেমীৰ পৰা বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰী সকলক আজি বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
আজি অনুষ্ঠিত কৰা এক সম্বৰ্ধনা অনুষ্ঠানত শুৱালকুছিৰ জ্ঞানদ্বীপ ইংলিছ একাডেমী নামৰ এই অগ্ৰণী শিক্ষানুষ্ঠানখনৰ পৰা ২০২১-২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰী সকলক স্কুলৰ কৰ্তৃপক্ষ তথা শিক্ষক শিক্ষয়িত্ৰী সকলে আনুস্থানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ স্বত্তাধিকাৰী শ্ৰীযুতা ৰিণিকি ভূঞা শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ব্যক্তিগত সচিব মাননীয় শ্ৰীযুত ৰঞ্জিৎ ভট্টাচাৰ্য ৷