গোৱালপাৰা জিলাৰ দুধনৈত অনুষ্ঠিত হৈছে এখন বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা ৷ য’ত পুৰস্কাৰো হৈছে অতি আকৰ্ষণীয় ৷ লাখ লাখ টকাৰ পুৰস্কাৰৰ বাবে দেশৰ কেইবাখনো ৰাজ্যৰ পৰা ঢপলিয়াই আহিছে প্ৰতিযোগী সকল ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অসমৰ কেইবাখনো জিলাৰ লগতে পশ্চিমবংগ, অৰুনাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আদি ৰাজ্যৰ প্ৰতিযোগী সকলো ৷ লোকে লোকাৰণ্য প্ৰতিযোগিতাস্থলি ৷ পিছে কি এই বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা ? এয়া আচলতে কোনো বিশেষ খেলৰ প্ৰতিযোগিতা নহয় ৷
এয়া হৈছে বৃহৎ “বৰশীবোৱা” প্ৰতিযোগিতা ৷ গোৱালপাৰা জিলাৰ দুধনৈৰ চটো’মাটিয়াৰ হেৰম্ব ৰাভা নামৰ উদ্যোগী কৃষক গৰাকীৰ ছটাকৈ বিশাল পুখুৰীত আয়োজন কৰা হৈছে আকৰ্ষণীয় “বৰশীবোৱা” প্ৰতিযোগিতা ৷ “বৰশীবায়” সৰ্বোচ্চ মাছ উঠাব পৰা মাছমৰীয়াই লাভ কৰিব পাঁচ লাখ টকাৰ প্ৰথম পুৰস্কাৰ ৷ লগতে আছে নিচুকনি বঁটা সহ মুঠ সাতত্ৰিশ টাকৈ পুৰস্কাৰ ৷
উত্তৰ পূৱৰ কেইবাখনো ৰাজ্যৰ লগতে পশ্চিমবংগৰ মাছমৰীয়া সকলে বৃহৎ নেটৱৰ্ক গঢ়ি অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতা খনত ৷ প্ৰায় দুই সহস্ৰাধিক মাছমৰীয়া অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ৷
হেৰম্ব ৰাভাৰ মন্তব্য- তেখেতে পুখুৰীত উৎপাদিত মাছ বিক্ৰী কৰাত সমস্যাৰ সন্মুখীন হৈছিল ৷ কাৰণ পশ্চিমবংগৰ আমদানিকৃত মাছে অসমৰ লগতে গোৱালপাৰাৰ বজাৰ দখল কৰাৰ ফলত প্ৰকৃত মূল্যৰ বিনিময়ত মাছ বিক্ৰী কৰিব পৰা নাছিল ৷ সেয়ে মাছমৰীয়া সকলোৰে যোগাযোগ হোৱাত “বৰশীবোৱা” প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব দিয়ে ৷ আনহাতে মাছমৰীয়া সকলে “বৰশীবায়” পোৱা প্ৰতি কিলোগ্ৰাম মাছৰ মূল্য ৩৫০ টকাকৈ দি যাব মৎস্যপালকক ৷ এনে প্ৰতিযোগিতাই গ্ৰাম্যপৰ্যতনৰ দিশটো আগুৱাই যোৱাত অৰিহণা যোগাব বুলি আশাবাদী সকলো ৷ বিশাল আয়োজনৰে অনুষ্ঠিত কৰা মেলা সদৃশ প্ৰতিযোগিতাত কেইবাটাও মহিলা আত্মসহায়ক গোটে বিভিন্ন খাদ্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন কৰে বহু টকা ৷
আনহাতে এনে প্ৰতিযোগিতাই বিভিন্ন ৰাজ্যৰ ভিন্ন ভাষা-ভাষী লোকৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে উপস্থিত বিভিন্ন লোকে ৷ যেন ভিন্ন ভাষা-ভাষী লোকৰ মিলন ভূমিত পৰিণত দুধনৈৰ চটো’মাটিয়া গাঁও ৷