আজি অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী নাট্যকাৰ তথা অভিনেতা । প্ৰথম বিশ্বযুদ্ধত তেওঁ ব্ৰিটিছ সেনা বাহিনীৰ হৈ যুঁজ দিছিল । সেই সূত্ৰে তেওঁ এছিয়াৰ বিভিন্ন দেশলৈ যাবলগীয়া হৈছিল । সেনা বাহিনীত থকা সময়তে তেওঁ জৰ্জ নামৰ এগৰাকী ইংৰাজ ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ পিছত তেওঁৰ অভিনয়ৰ প্ৰতি ধাউতি জন্মে । ১৯২১ চনত তেওঁ ঘৰলৈ উভতি আহি নিজ গাঁৱতে শিলা কালিকা অপেৰা পাৰ্টী নাম দি এটা যাত্ৰা নাট্য দল গঠন কৰে । পিছলৈ দলটোৰ নাম দক্ষিণ গণকগাড়ী অপেৰা পাৰ্টী দিয়া হয় । এই দলটো ভংগ হৈ যোৱাৰ পাঁচ বছৰ পিছত ১৯৩০ চনত কহিনুৰ অপেৰা পাৰ্টী গঠন কৰে । এই গোটৰ মূল সহযোগী আছিল নটসূৰ্য ফণী শৰ্মা । এই কহিনুৰ অপেৰা পাৰ্টীৰ মঞ্চতেই ডুমডুমাত তেওঁ ছগৰাকী অভিনেত্ৰীৰে সহ-অভিনয়ৰ পাতনি মেলে । ১৯৩৬ চনত দলটো বন্ধ হৈ যোৱাৰ পিছত তেওঁ দেশৰ স্বাধীনতা আন্দোলনত যোগদান কৰে । ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ বৰনগৰৰ বিমান ঘাটী আৰু সৰভোগ থানা জ্বলাই দিয়াৰ ঘটনাত জড়িত থকাৰ বাবে ১৯৪৩ চনত তেওঁ তিনিবছৰ কাৰাবাস খাটিবলগীয়া হয় । কাৰাগাৰৰ পৰা ওলাই আহি তেওঁ ব্যৱসায়ত নামে । স্বাধীনতাৰ পিছত তেওঁ সমাজবাদী পাৰ্টীৰ পৰা ১৯৫২ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজয় বৰণ কৰিবলগীয়া হয় । তেওঁ পাঁচখন নাট লিখি অভিনয় কৰোৱাইছিল । এতিয়া বিচাৰি পাবলৈ নোহোৱা নাৰী চৰিত্ৰ প্ৰধান এই নাটককেইখন হ’ল — বৰ্জিতা, মনোমতী, পতিতা, কৰুণা আৰু উৰ্বশী । ‘বিপ্লৱী’ তেওঁৰ আত্মজীৱনী । ১৯৬০ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । শিল্পী তথা স্বাধীনতা সংগ্ৰামীগৰাকীলৈ আমাৰ প্ৰণাম ।