দীঘলীয়া আইনী যুঁজৰ অন্তত ৰাম মন্দিৰ নির্মাণৰ পথ প্ৰশস্ত হৈ পৰিছিল ৷ লগে লগে অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ যাৱতীয় প্ৰস্তুতিও আৰম্ভ কৰা হৈছে ৷ বহু প্ৰত্যাশিত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আনুমানিক ব্যয় হ’ব ১৮০০ কোটি টকা ৷ দেওবাৰে মন্দিৰ নিৰ্মাণৰ বাবে দায়বদ্ধ ট্ৰাষ্টৰ বিষয়াসকলে এই কথা সদৰী কৰিছে ৷
উত্তৰ প্ৰদেশৰ অযোধ্যা নগৰত মন্দিৰ নিৰ্মাণৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠিত শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে কালি এখন মাৰাথন বৈঠকৰ অন্তত ইয়াৰ নিয়মাৱলী আৰু হাতপুথিত অনুমোদন জনায়।
ফৈজাবাদ চাৰ্কিট হাউছত অনুষ্ঠিত সভাত ট্ৰাষ্টৰ সদস্যসকলেও সৰ্বসন্মতিক্ৰমে মন্দিৰ চৌহদত বিশিষ্ট হিন্দু দেৱ দেৱীৰ মূৰ্তিৰ সংস্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। বিশেষজ্ঞসকলে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত কেৱল ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১৮০০ কোটি ব্যয় হ’ব বুলি অনুমান কৰিছে ট্ৰাষ্টে।
ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে কয় যে দীৰ্ঘদিন ধৰি চিন্তা-চৰ্চা আৰু সংশ্লিষ্ট সকলোৰে পৰা পৰামৰ্শৰ অন্তত ট্ৰাষ্টৰ নিয়মাৱলী আৰু উপ-বিধিসমূহ সভাত চূড়ান্ত কৰা হয়। ট্ৰাষ্টে মন্দিৰ চৌহদত বিশিষ্ট হিন্দু দ্ৰষ্টা আৰু ৰামায়ণ যুগৰ মূল চৰিত্ৰৰ মূৰ্তিৰ বাবেও স্থান দিয়াৰ সিদ্ধান্ত লৈছে বুলিও তেওঁ লগতে কয়। ৰায়ে কয় যে ১৫ জন ট্ৰাষ্ট সদস্যৰ ভিতৰত ১৪ জন সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰে।
শাৰীৰিকভাৱে উপস্থিত থকাসকলৰ ভিতৰত আছিল নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰ, ট্ৰাষ্টৰ অধ্যক্ষ মহন্ত নৃত্য গোপাল দাস, কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰি, সদস্য উডুপী পীঠাধীশ্বৰ বিশ্বতীৰ্থ প্ৰসন্নাচাৰ্য, ডাঃ অনিল মিশ্ৰ, মহন্ত দিনেন্দ্ৰ দাস, কামেশ্বৰ চাউপাল আৰু প্ৰাক্তন সদস্য জিলা দণ্ডাধীশ নীতিশ কুমাৰ ৷
২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত মন্দিৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ৷ ২০২৪ চনৰ জানুৱাৰী মাহত মকৰ সংক্ৰান্তি উৎসৱৰ সময়ত মন্দিৰ মুকলি কৰাৰ সম্ভাৱনা আছে ৷